ETV Bharat / bharat

কাশ্মীৰত আৰম্ভ হ'ল পোষ্টপেইড ম'বাইল সেৱা

বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰৰ পৰা জম্মু-কাশ্মীৰত আৰম্ভ হয় পোষ্টপেইড ম'বাইল সেৱা ৷ সোমবাৰে দিনৰ 12 বজাৰ পৰা জম্মু-কাশ্মীৰত উপলব্ধ হয় ম'বাইল সেৱা ৷

author img

By

Published : Oct 14, 2019, 5:51 PM IST

কাশ্মীৰত আৰম্ভ পোষ্টপেইড ম'বাইল সেৱা

নিউজ ডেস্ক, 14 অক্টোবৰঃ অনুচ্ছেদ 370 বাতিলৰ পিচতে জম্মু-কাশ্মীৰত বন্ধ হৈ আছিল ইন্টাৰনেটকে ধৰি অন্যান্য ম'বাইল সেৱাসমূহ ৷ প্ৰায় দুমাহযোৰা বিৰতিৰ অন্তত সোমবাৰে জম্মু-কাশ্মীৰত মুকলি কৰি দিয়া হয় পোষ্টপেইড ম'বাইল সেৱা ৷ বিভিন্ন নেটৱৰ্ক প্ৰদানকাৰী সংস্থাসমূহক তেওঁলোকৰ পোষ্টপেইড ম'বাইল সেৱা আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে জম্মু-কাশ্মীৰ প্ৰশাসনে ৷

লগতে পঢ়কঃ ৰাম জন্মভূমিত জাৰি সান্ধ্য আইন

বিগত সপ্তাহত জম্মু-কাশ্মীৰৰ মুখ্য সচিব ৰোহিত কাঞ্চালে সুৰক্ষাৰ দিশটো পুনৰীক্ষণৰ পিছতেই ম'বাইল সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল ৷ অক্টোবৰৰ 12 তাৰিখে এই কথা ঘোষণা কৰিছিল কাঞ্চালে ৷ সেই অনুসৰি, জম্মু-কাশ্মীৰৰ 10 খন জিলাত সকলো টেলিকম সেৱা প্ৰদানকাৰী সংস্থাকে তেওঁলোকৰ পোষ্টপেইড সেৱাসমূহ দিনৰ 12 বজাৰ পৰা আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা হয় ৷

লগতে পঢ়কঃ ভাৰতীয় মূলৰ অভিজিৎ বেনাৰ্জীলৈ অৰ্থশাস্ত্ৰৰ সন্মানীয় ন'বেল

পূৰ্বতে জম্মু-কাশ্মীৰত লেণ্ডলাইন সেৱাসমূহ উপলব্ধ আছিল যদিও সেয়া নিৰ্দিষ্ট স্থানতহে উপলব্ধ আছিল ৷ ইয়াৰ পিচতে জম্মু, লাডাখ আৰু কুপৱাৰাত ম'বাইল সেৱাসমূহ আৰম্ভ কৰিছিল জম্মু-কাশ্মীৰ প্ৰশাসনে ৷ ম'বাইল সেৱাৰ উপৰিও জম্মু-কাশ্মীৰৰ 99 শতাংশ অঞ্চলৰ পৰা চলাচলত থকা বাধাও আঁতৰাই দিয়া হয় ৷

Intro:Body:

কাশ্মীৰত আৰম্ভ হ'ল পোষ্টপেইড ম'বাইল সেৱা 

বহু প্ৰতীক্ষাৰ অন্তত সোমবাৰৰ পৰা জম্মু-কাশ্মীৰত আৰম্ভ হয় পোষ্টপেইড ম'বাইল সেৱা ৷ দিনৰ 12 বজাৰ পৰা জম্মু-কাশ্মীৰত উপলব্ধ হয় ম'বাইল সেৱা ৷ 

নিউজ ডেস্ক, 14 অক্টোবৰঃ অনুচ্ছেদ 370 বাতিলৰ পিচতে জম্মু-কাশ্মীৰত বন্ধ হৈ আছিল ইন্টাৰনেটকে ধৰি অন্যান্য ম'বাইল সেৱাসমূহ ৷ প্ৰায় দুমাহযোৰা বিৰতিৰ অন্তত সোমবাৰে জম্মু-কাশ্মীৰত মুকলি কৰি দিয়া হয় পোষ্টপেইড ম'বাইল সেৱা ৷ বিভিন্ন নেটৱৰ্ক প্ৰদানকাৰী সংস্থাসমূহক তেওঁলোকৰ পোষ্টপেইড ম'বাইল সেৱা আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰে জম্মু-কাশ্মীৰ প্ৰশাসনে ৷ 

বিগত সপ্তাহত জম্মু-কাশ্মীৰৰ মুখ্য সচিব ৰোহিত কাঞ্চালে সুৰক্ষাৰ দিশটো পুনৰীক্ষণৰ পিছতেই ম'বাইল সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল ৷ অক্টোবৰৰ 12 তাৰিখে এই কথা ঘোষণা কৰিছিল কাঞ্চালে ৷ সেই অনুসৰি, জম্মু-কাশ্মীৰৰ 10 খন জিলাত সকলো টেলিকম সেৱা প্ৰদানকাৰী সংস্থাকে তেওঁলোকৰ পোষ্টপেইড সেৱাসমূহ দিনৰ 12 বজাৰ পৰা আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা হয় ৷ 

পূৰ্বতে জম্মু-কাশ্মীৰত লেণ্ডলাইন সেৱাসমূহ উপলব্ধ আছিল যদিও সেয়া নিৰ্দিষ্ট স্থানতহে উপলব্ধ আছিল ৷ ইয়াৰ পিচতে জম্মু, লাডাখ আৰু কুপৱাৰাত ম'বাইল সেৱাসমূহ আৰম্ভ কৰিছিল জম্মু-কাশ্মীৰ প্ৰশাসনে ৷ ম'বাইল সেৱাৰ উপৰিও জম্মু-কাশ্মীৰৰ 99 শতাংশ অঞ্চলৰ পৰা চলাচলত থকা বাধাও আঁতৰাই দিয়া হয় ৷

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.