ETV Bharat / bharat

উত্তাপ বৃদ্ধিয়ে ভাৰতত প্ৰতিৰোধ কৰিব পাৰে COVID-19ৰ সংক্ৰমণ

author img

By

Published : Mar 26, 2020, 8:59 PM IST

ভাৰতৰ প্ৰখ্যাত অনুজীৱ বিজ্ঞানীসকলে আশা প্ৰকাশ কৰিছে যে, 21 দিনৰ লক ডাউন পৰিস্থিতিৰ পিচতে আহিবলগীয়া গৰমৰ দিনত উত্তাপ বৃদ্ধিয়ে ভাৰতত COVID-19ৰ সংক্ৰমণ বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হ'ব পাৰে ৷

বুধ গ্ৰহৰ উত্তাপ বৃদ্ধিয়ে ভাৰতত প্ৰতিৰোধ কৰিব পাৰে COVID-19ৰ সংক্ৰমণ

ভাৰতৰ প্ৰখ্যাত অনুজীৱ বিজ্ঞানী তথা Association of Microbiologists in Indiaৰ প্ৰধান অধ্যাপক জে. এছ. ভিৰ্দীয়ে কয় যে, "এপ্ৰিলৰ শেষৰভাগে দেশত বৃদ্ধি পাবলগীয়া অতিৰিক্ত উত্তাপে দেশত এই মহামাৰী ৰোধ কৰিবলৈ সক্ষম হ'ব বুলি মই আশাপ্ৰকাশ কৰো ৷ এগৰাকী অনুবিজ্ঞানী হিচাপে বিগত 50 বছৰৰ অভিজ্ঞতাৰ পৰা মই কোনো ভাইৰাছকে এনেকুৱা গতিবেগত সংক্ৰমণ হোৱাটো দেখা নাই আৰু এই যিদৰে ব্যাপি লাভ কৰিছে সেইফালৰ পৰা বতাহৰ সৈতেও ই সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰ গতিবেদ ৰুদ্ধ হোৱা নাই, কাৰণ ই এৰোছলৰ দ্বাৰাও সংক্ৰমিত হৈছে ৷ বৈজ্ঞানিক ভাষাত যাক আমি droplet nuclei বুলি জানো ৷ আন এক কাৰণ হৈছে, পুৰনি ভাইৰাছসমূহৰ তুলনাত ই এক নতুন ভাইৰাছ, যাৰ জীৱন চক্ৰ অধিক দীঘলীয়া, যাৰ বাবে ইয়াক শীঘ্ৰেই নিয়ন্ত্ৰণত অনাটো সহজ নহয় ৷

বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰখ্যাত প্ৰতিষ্ঠানৰ অধ্যয়নত এইটো স্পষ্ট হৈ পৰিছে যে, কৰ'ণা ভাইৰাছৰ বিশেষ লক্ষণ হৈছে শীতৰ প্ৰতি থকা দুৰ্বলতা ৷ সহজ ভাষাত ক'বলৈ হ'লে ডিচেম্বৰৰ পৰা এপ্ৰিল মাহৰ ভিতৰত ই অধিক সক্ৰিয় হৈ পৰে ৷ কিছুসংখ্যক virologistsৰ মতে, এই ভাইৰাছৰ প্ৰকোপ জুন মাহলৈ কম হৈ পৰিব ৷

ৰোহটক বিশ্ববিদ্যালয়ৰ অনুবিজ্ঞান বিভাগৰ প্ৰধান তথা Association of Microbiologists in Indiaৰ সাধাৰণ সম্পাদক অধ্যাপক প্ৰত্যুশ চুকলাই কয় যে, "কিছুসংখ্যক বিজ্ঞানীয়ে জুন তত্ত্বৰ বিষয়ে কৈ আছে, যিটো উষ্ণতা বৃদ্ধিৰ সৈতে জড়িত ৷ মই এই বিষয়ে চীনৰ বিজ্ঞানীসকলৰ লগত কথা পাতিছো আৰু তেওঁলোকে প্ৰকাশ কৰা অনুসৰি, এই ভাইৰাছে অধিক উষ্ণতা সহ্য কৰিব নোৱাৰে ৷ SARS নাইবা Fluৰ দৰে ভাইৰাছকে ধৰি সকলোবিলাক ভাইৰাছৰে সক্ৰিয়তা অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ বৃদ্ধি পায় ৷ ইয়াৰ মুল কাৰণ হৈছে পৰিৱেশৰ সাধাৰণ উষ্ণতা ৷ দেশত জাৰী কৰা লকডাউনে ভাইৰাছৰ শৃংখল ভাঙি দিব ৷ এয়া এই সময়ত আমি কৰিব পৰা আটাইতকৈ উপযোগী কাম ৷ আমাৰ লগতে National Institute of Virologyৰ সদস্যসকলেও ইয়াক সমৰ্থন কৰিছে ৷"

ইডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ Centre for Infectious Diseasesৰ অধ্যয়নত পোহৰলৈ আহিছে যে, স্নায়ৱিকভাৱে সংক্ৰমিত হোৱা তিনিধৰণৰ কৰ'ণা ভাইৰাছৰ শীতৰ সময়ত অধিক ৰূপত আগ্ৰাসী হৈ উঠে ৷ ইনফ্লুয়েঞ্জাৰ দৰে এই ভইৰাছেও ডিচেম্বৰৰ পৰা এপ্ৰিললৈ অধিক সক্ৰিয় হৈ পৰে বুলি অধ্যয়নত গম পোৱা গৈছে ৷ অনুবিজ্ঞানী সকলে ধাৰণা কৰা অনুসৰি, জলবায়ুৰ সৈতে কৰ'ণা ভাইৰাছৰ লক্ষণো বেলেগ বেলেগ হ'ব পাৰে ৷ অধিক শুকান ঠাইৰ বিপৰীতে ঠাণ্ডা ঠাইত এই ভাইৰাছে অধিক ব্যাপ্তি লাভ কৰে ৷

1938 চনত গঠন কৰা Association of Microbiologists in Indiaত বৰ্তমানে 5,000ৰো অধিক অনুবিজ্ঞানী সদস্য হিচাপে আছে ৷ সংস্থাই দেশত জাৰী কৰা 21 দিনৰ লকডাউনে ভাইৰাছৰ গতি ৰোধ কৰিবলৈ সক্ষম হ'ব বুলি প্ৰকাশ কৰিছে ৷ সংস্থাৰ সভাপতি, অধ্যাপক জে. এছ. ভিৰ্দীয়ে ভাৰতত COVID-19ক লৈ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.