মুম্বাই, 8 নৱেম্বৰঃ বৰ্তমানেও অনিশ্চয়তাৰ দিশে মহাৰাষ্ট্ৰৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়া ৷ বিজেপি আৰু শিৱসেনাৰ মাজত সৃষ্টি হোৱা ক্ষমতাকেন্দ্ৰিক মতানৈক্যৰ বাবে নতুন চৰকাৰ গঠন হোৱাত বিলম্ব হৈছে ৷ সাংবিধানিক বিশেষজ্ঞ তথা প্ৰাক্তন এটৰ্নী জেনেৰেল শ্ৰীহৰি আনেই কয় যে, প্ৰদেশখনত ৰাষ্ট্ৰপতি শাসনৰ সম্ভাৱনীয়তা আছে ৷ একক সংখ্যাগৰিষ্ঠ দল হিচাপে বিজেপিয়ে চৰকাৰ গঠনৰ বাবে অপেক্ষা কৰিব লাগিব ৷ যদিহে সংসদৰ নিৰ্ধাৰিত সময়ৰ ভিতৰত দলটোৱে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিব নোৱাৰে,তেন্তে শিৱসেনাই সুবিধা লাভ কৰিব ৷ দুয়োটা দল এই ক্ষেত্ৰত ব্যৰ্থ হ‘লে ৰাজ্যপালে ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰিব পাৰিব ৷ উল্লেখ্য যে,বিগত লোকসভা নিৰ্বাচনত 288 খন আসনৰ ভিতৰত বিজেপিয়ে 105 আৰু শিৱসেনাই 56 খন আসন দখল কৰিছিল ৷ শিৱসেনাই ইতিমধ্যে বিজেপিৰ লগত 50-50 আসনৰ চুক্তি স্বাক্ষৰিত কৰা বুলি দাবী কৰিছে ৷ শিৱসেনাৰ সকলো অভিযোগ নসাৎ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাৱিছে ৷
লগতে চাওকঃ বাক্সাত ভুৱা ক্ৰীড়া সংগঠনৰ ভয়ানক জাল