ETV Bharat / bharat

শেহতীয়া ৰাজনৈতিক স্থিতিক লৈ হাই এলাৰ্টত ৰাজস্থান আৰক্ষী

author img

By

Published : Jul 15, 2020, 5:16 AM IST

ৰাজস্থান আৰক্ষীক প্ৰদেশখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি হাই এলাৰ্টত ৰখা হৈছে আৰু যিকোনো পৰিস্থিতিতে শান্তি-শৃংখলা অব্যাহত ৰাখিবলৈ কোৱা হৈছে ৷ ৰাজ্যখনৰ আৰক্ষী বিভাগৰ আইন-শৃংখলা শাখাৰ এডিজি সৌৰভ শ্ৰীবাস্তৱে এই কথা প্ৰকাশ কৰে ৷

শেহতীয়া ৰাজনৈতিক স্থিতিক লৈ হাই এলাৰ্টত ৰাজস্থান আৰক্ষী
শেহতীয়া ৰাজনৈতিক স্থিতিক লৈ হাই এলাৰ্টত ৰাজস্থান আৰক্ষী

নিউজ ডেস্ক, 15 জুলাই : ৰাজস্থান আৰক্ষীৰ সকলো কৰ্মচাৰীকে তেওঁলোকৰ নিজৰ নিজৰ কৰ্তব্যস্থানত ৰাজ্যখনৰ আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ কঠোৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷ ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ মাজতে চোৰাংচোৱা বিভাগে লাভ কৰা তথ্যৰ মাজতেই এইদৰে ৰাজস্থান আৰক্ষীত হাই এলাৰ্ট ঘোষণা কৰা হৈছে ৷

ৰাজস্থান আৰক্ষীৰ আইন-শৃংখলা শাখাৰ এডিজি সৌৰভ শ্ৰীবাস্তৱে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷ ৰাজ্যখনত সংঘটিত ৰাজনৈতিক অস্থিৰতাক লৈ বিক্ষিপ্ত ঘটনা সংঘটিত কৰিবলৈ বহুতেই চেষ্টা কৰিব আৰু ইয়াৰ বিৰুদ্ধে চোৰাংচোৱাই ইতিমধ্যে তথ্য প্ৰদান কৰিছে ৷ যাৰ বাবে ৰাজ্যখনৰ আৰক্ষীসকলক যিকোনো অৱস্থাতে কঠোৰ নিৰ্দেশনাৰে আইন-শৃংখলা বৰ্তাই ৰাখিবলৈ কোৱা হৈছে ৷

সাধাৰন মানুহে যাতে ইয়াৰ কুফল ভোগ কৰিবলগীয়া নহয় তাৰ বাবে আৰক্ষীক নজৰ ৰাখিবলৈ কোৱা হৈছে ৷

লগতে পঢ়কঃ ৰাজস্থানৰ কংগ্ৰেছ দলত অচলাৱস্থা : বিজেপিৰ বৈঠকৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.