ETV Bharat / bharat

উৰিষ্যাত চিতাবাঘৰ চালসহ গ্ৰেপ্তাৰ চোৰাংচিকাৰী

author img

By

Published : Jun 14, 2020, 5:34 PM IST

এছটিএফৰ দলে চোৰাংচিকাৰীটোৰ পৰা প্রায় ৩০ ডাল চিতাবাঘৰ হাড়ো উদ্ধাৰ কৰে ।

Poacher arrested in Odisha, leopard skins seized

উৰিষ্যা, ১৪ জুন : উৰিষ্যা আৰক্ষীয়ে শনিবাৰে নয়াগড় জিলাৰ পৰা এটা চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা চিতাবাঘৰ চাল উদ্ধাৰ কৰে ।

এছটিএফৰ আৰক্ষী অধীক্ষক প্ৰশান্ত কুমাৰ ভোয়ে প্ৰকাশ কৰা অনুসৰি গোপন সূত্ৰৰৰ ভিত্তিত বিশেষ টাস্ক ৰ্ফছে নয়াগড় জিলাৰ ৰানপুৰ অঞ্চলত অভিযান চলাই চোৰাংচিকাৰীজনক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে দুটা চিতাবাঘৰ চাল । দলটোৱে চোৰাংচিকাৰীজনৰ পৰা প্রায় ৩০ ডাল চিতাবাঘৰ হাড়ো উদ্ধাৰ কৰে বুলি এছটিএফৰ অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে ।

Poacher arrested in Odisha, leopard skins seized
উৰিষ্যাত চিতাবাঘৰ চালসহ গ্ৰেপ্তাৰ চোৰাংচিকাৰী

প্ৰশান্ত কুমাৰ ভোয়ে লগতে প্ৰকাশ কৰে যে চিতাবাঘকেইটাক কেনেদৰে হত্যা কৰা হৈছিল সেয়া নিশ্চিত হ'বলৈ উদ্ধাৰকৃত হাড় আৰু চাল পৰীক্ষাৰ বাবে ফ'ৰেণছিক পৰীক্ষাগাৰলৈ প্রেৰণ কৰা হৈছে । বৰ্তমান বন্যজন্তু সুৰক্ষা আইনৰ অধীনত গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে এছটিএফে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.