ETV Bharat / bharat

লক ডাউনৰ সময়সীমাক লৈ মুখ্যমন্ত্ৰী সকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক - লকডাউন বৃদ্ধিৰ পোষকতা

বৰ্তমানৰ পৰিস্থিতি অনুযায়ী লকডাউনৰ সয়সীমা 14 এপ্ৰিলৰ পাচত বঢ়াবনে নাই এই সম্পৰ্কে সিদ্ধান্ত ল'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ভিডিঅ' কনফাৰেন্সযোগে এক বৈঠকত মিলিত হ'ব ।

লক ডাউনৰ সময়সীমাক লৈ মুখ্যমন্ত্ৰী সকলৰ সৈতে আজি প্ৰধানমন্ত্ৰীৰ বৈঠক

author img

By

Published : Apr 11, 2020, 12:49 PM IST

নিউজ ডেস্ক, 11 এপ্ৰিলঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী শনিবাৰে মিলিত হ'ব ভাৰতৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে । 14 এপ্ৰিলত 21 দিনীয়া লকডাউন সমাপ্ত হোৱাৰ পাচত লকডাউনৰ সময়সীমা বৃদ্ধি কৰিব নে নকৰে তাকে লৈ আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী গৰাকী । ভিডিঅ' কনফাৰেন্স যোগে অনুষ্ঠিত হ'ব এই বৈঠক ।

কৰ'ণা ভাইৰাচ সংক্ৰমণ দ্ৰুত হাৰত বৃদ্ধি পোৱা বাবে ইতিমধ্যে বহু ৰাজ্যই লকডাউন বৃদ্ধিৰ পোষকতা কৰিছে আৰু কোনো কোনো ৰাজ্যই লক ডাউন বৃদ্ধি ঘোষণাও কৰিছে ।

বুধবাৰে মোডীয়ে সংসদৰ বিভিন্ন দলৰ নেতাসকলৰ সৈতে হোৱা বৈঠকত লক ডাউন বঢ়োৱাৰ এক ইংগিত প্ৰদান কৰি কৈছিল যে, সকলো স্থানতে 14 এপ্ৰিলৰ পাচতো একেলগকে লকডাউন প্ৰত্যাহাৰ কৰাটো সম্ভৱ নহয়, তেওঁৰ চৰকাৰে সদায় "প্ৰতিজনৰে জীৱন ৰক্ষা" কৰাক অগ্ৰাধিকাৰ দি আহিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.