নিউজ ডেস্ক, 10 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চেন্নাই-আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সোমবাৰে উদ্ধোধন কৰিব চাবমেৰিন কেৱল ছিষ্টেম ৷ যি প্ৰকল্পই দ্বীপপুঞ্জটোত উন্নতমানৰ যোগাযোগ ব্যৱস্থা কৰিব বুলি মত প্ৰকাশ কৰে এগৰাকী BSNLৰ কৰ্মকৰ্তাই ৷ এই চাবমেৰিণ কেৱল সমুদ্ৰ তথা সমুদ্ৰৰ প্ৰান্তত টেলিফোনৰ সংকেট প্ৰেৰণৰ কাৰণে স্থলভাগৰ ষ্টেছনসমূহত স্থাপন কৰা হ'ব ৷
এই প্ৰকল্প চেন্নাইৰ পোৰ্ট ব্লেয়ৰ আৰু সাতটা অন্য দ্বীপত স্বৰাজ দ্বীপ,লিটল আন্দামান,কাৰ নিকোবৰ,কামোৰ্তা,গ্ৰেট নিকোবৰ,লং আইল্যাণ্ডৰ,ৰংগত,হাথৱেৰ লগত সংযুক্ত কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷
আনহাতে,BSNLৰ মুখ্য প্ৰৱন্ধক পত্ৰযোগে কয় যে,আন্দামান আৰু নিকোবৰ প্ৰশাসনৰ বিষয়ববীয়াসকলৰ পৰা এই মহত্বপূৰ্ণ অনুষ্ঠানৰ সূচাৰুৰূপে পৰিচালনা কৰিবলৈ সহযোগিতাৰ কামনা কৰে ৷
লগতে পঢ়কঃ সদনৰ মজিয়াত একতা দেখুৱাবলৈ বিধায়কসকলক আহ্বান ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ