ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে সম্বোধন কৰিব ৩য় সংখ্যক USISPF সন্মিলন

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব ৩য় সংখ্যক USISPF সন্মিলন । শীৰ্ষ কৰ্প'ৰেট নেতা, চৰকাৰী বিষয়া আৰু নেতাই অংশগ্ৰহণ কৰিব সন্মিলনত।

প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে সম্বোধন কৰিব ৩য় সংখ্যক USISPF সন্মিলন
প্ৰধানমন্ত্ৰী মোদীয়ে বৃহস্পতিবাৰে সম্বোধন কৰিব ৩য় সংখ্যক USISPF সন্মিলন
author img

By

Published : Sep 2, 2020, 6:15 PM IST

নেশ্যনেল ডেস্ক,২ছেপ্টেম্বৰ: বাণিজ্য-বিনিয়োগ, প্ৰযুক্তি, কৌশলগত শক্তিৰ সম্পৰ্কৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাক দৃষ্টিগোচৰ কৰাৰ প্ৰয়াসেৰে অনুষ্ঠিত হৈছে ৩য় সংখ্যক USISPF সন্মিলন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ইউ এছ ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ'ৰামৰ তৃতীয় বাৰ্ষিক সন্মিলন সম্বোধন কৰিব । পুৱা ৯ বজাত সন্মিলন সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই কথা প্ৰকাশ কৰিছে । ইউ এছ ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ'ৰাম হৈছে ভাৰত আৰু আমেৰিকাৰ মাজত থকা অংশীদাৰিত্বৰ বাবে কাম কৰা এটা সংস্থা । ৫ দিনীয়া কাৰ্যসূচীৰে ৩১ আগষ্টৰ পৰা আৰম্ভ হৈছে । সন্মিলনত বিশ্বজুৰি উৎপাদন কেন্দ্ৰ গঢ় লৈ উঠাৰ ক্ষমতা, ভাৰতৰ গেছ বজাৰত সুযোগ, ভাৰতত প্ৰত্যক্ষ বিনিয়োগৰ বাবে বিনিয়োগকাৰীক আকৃষ্ট কৰা, ব্যৱসায় কৰাৰ প্ৰক্ৰিয়া সহজ কৰা ইত্যাদি বিষয়ত আলোচনা হ'ব ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.