নিউজ ডেস্ক, 14 এপ্ৰিলঃ মঙলবাৰে টুইটযোগে অসমবাসীক অসমীয়াতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । "ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ এই শুভক্ষণত আপোনালোক আটাইকে মোৰ আন্তৰিক ওলগ তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ । অসমৰ জনজীৱনৰ বাপতিসাহোন এই উৎসৱে সমাজত ঐক্য আৰু সম্প্ৰীতিৰ বান্ধোন অধিক দৃঢ় কৰি তোলক তাৰেই কামনা কৰিছোঁ" লিখি টুইটযোগে প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ।
লগতে পঢ়কঃ চিকিৎসা সামগ্ৰী যোগান : 2 লাখ কিল'মিটাৰৰো অধিক উৰণ সম্পূৰ্ণ এয়াৰ লাইনছৰ