নিউজ ডেস্ক, ১৬ জুনঃ মঙলবাৰে ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীৰ সৈতে ভিডিঅ' কনফাৰেন্সিং যোগে মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । অসম, পাঞ্জাৱ, কেৰালা, ঝাৰখণ্ড, ছত্তিশগড়, ত্ৰিপুৰা, মণিপুৰ, নাগালেণ্ড, আণ্ডামান আৰু নিকোবৰ দীপপুঞ্জ, লক্ষ্যদ্বীপ আৰু আন কেইবাখনো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । ৰাজ্যসমূহৰ কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰা হ'ব এই বৈঠকত ।

বুধবাৰেও ১৫ খন ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীৰ সৈতে একেটা বিষয় সন্দৰ্ভত বৈঠকত বহিব প্ৰধানমন্ত্ৰী মোডী । কোভিড-১৯ মহামাৰীৰ বিৰুদ্ধে সমগ্ৰ দেশে কেনেদৰে যুঁজত অৱতীৰ্ণ হৈ আছে এই সন্দৰ্ভত ১৩ জুন অৰ্থাৎ শনিবাৰেও জ্যেষ্ঠ মন্ত্ৰী তথা বিভাগীয় বিষয়াসকলৰ সৈতে আলোচনাত বহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ।
ৰাষ্ট্ৰজুৰি কোভিড-১৯ৰ শেহতীয়া পৰিস্থিতি আৰু আগন্তুক সময়ত এই মহামাৰী প্ৰতিৰোধৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই সন্দৰ্ভত উক্ত বৈঠকত আলোচনা কৰা হৈছিল। বৈঠকত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধন আদিকে ধৰি কেইবাগৰাকীও মন্ত্ৰী আৰু জ্যেষ্ঠ চিকিৎসক ।