ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকত কি সিদ্ধান্ত ?

দিল্লীত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেট বৈঠকত কৃষি ক্ষেত্ৰ আৰু EPF সন্দৰ্ভত বিশেষ শুনানি গ্ৰহণ, গৰীব কল্যাণ অন্ন যোজনা নৱেম্বৰলৈ বৃদ্ধি কৰা আদি সন্দৰ্ভত আলোছনা হোৱাৰ সম্ভাৱনা আছে।

author img

By

Published : Jul 8, 2020, 1:59 PM IST

Updated : Jul 8, 2020, 3:00 PM IST

কেবিনেট বৈঠক
PM Narendra Modi chairs Union Cabinet meeting

নিউজ ডেস্ক, ৮ জুলাইঃ বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় কেন্দ্ৰীয় কেবিনেট বৈঠক। নতুন দিল্লীৰ ৭, লোক কল্যাণ মাৰ্গস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসগৃহত অনুষ্ঠিত হৈছে এই বৈঠক। বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ,স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন সহ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছে বুলি জানিব পৰা গৈছে।

এই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। বিশেষকৈ কৃষি ক্ষেত্ৰ আৰু EPF সন্দৰ্ভত বিশেষ শুনানি গ্ৰহণ, গৰীৱ কল্যাণ অন্ন যোজনা নৱেম্বৰলৈ বৃদ্ধি কৰা আদি সন্দৰ্ভত আলোছনা হোৱাৰ সম্ভাৱনা আছে।

ইফালে,কেবিনেট বৈঠকত উপস্থিত হোৱা প্ৰতিগৰাকী মন্ত্ৰীয়ে মাস্ক পৰিধান কৰাৰ লগতে,সামাজিক দুৰত্ব মানি চলি বৈঠকত অংশগ্ৰহণ কৰা দেখা গৈছে।

ইয়াৰ পূৰ্ব কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। দেশৰ ১,৪৮২ টা কো-অপাৰেটিভ বেংকক ৰিজাৰ্ভ বেংকৰ অন্তৰ্গত কৰা সন্দৰ্ভত আলোছনা কৰা হৈছিল। ইয়াৰ উপৰিও উত্তৰ প্ৰদেশৰ কুশীনগৰ বিমানবন্দৰক আন্তৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উন্নীতকৰণ কৰা, মুদ্ৰা ঋণ যোজনা, শিশু ঋনৰ ক্ষেত্ৰত সূদৰ হাৰ হ্ৰাস আদি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছিল।

লগতে চাওকঃ একাংশৰ বাবে সোণৰ কণী পৰা হাঁহত পৰিণত সংখ্যালঘু ছাত্ৰ বৃ্ত্তি

Last Updated : Jul 8, 2020, 3:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.