ETV Bharat / bharat

দ্বিতীয় কাৰ্যকালৰ প্ৰথম বাৰ্ষিকী উপলক্ষে দেশবাসী সম্বোধন প্ৰধানমন্ত্ৰী মোডীৰ

"মই দিনে-নিশাই কাম কৰো গতিকে মোৰ মাজত আসোঁৱাহ ৰৈ যাব পাৰে যদিও মোৰ দেশত কোনো ধৰণৰ ঘাটি নাই ৷ মই আপোনাক, আপোনাৰ শক্তিক আৰু ক্ষমতাক বিশ্বাস কৰো বুলি মুকলি চিঠিত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

author img

By

Published : May 31, 2020, 7:15 PM IST

PM Modi writes to citizens on first anniversary of NDA 2.0
দ্বিতীয় কাৰ্যকালৰ প্ৰথম বাৰ্ষিকী উপলক্ষে দেশবাসীক পত্ৰ প্ৰেৰণ প্ৰধানমন্ত্ৰী মোডীৰ

নিউজ ডেস্ক, 31 মে' : দ্বিতীয় কাৰ্যকালৰ প্ৰথম বাৰ্ষিকী উপলক্ষে দেশবাশীক উদ্দেশ্যি এখন মুকলি পত্ৰ লিখিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই পত্ৰৰ জৰিয়তে, 130 কোটি ভাৰতীয়ক প্ৰণাম জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি প্ৰথম বাৰ্ষিকী উপলক্ষে এই সময়ছোৱাত পৰিস্থিতি স্বাভাৱিক হ'লে ৰাইজৰ মাজত উপস্থিত থকাৰ কথাও উল্লেখ কৰে মোডীয়ে ৷ লগতে COVID-19ৰ বিৰুদ্ধে চলি থকা যুঁজখন দীঘলীয়া যদিও চৰকাৰৰ নীতি-নিৰ্দেশনা পালন কৰিলে শীঘ্ৰেই COVID-19ক পৰাস্ত কৰিব পৰা যাব বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ লগতে 130 কোটি ভাৰতীয়ৰ ভৱিষ্যত COVID-19য়ে নিৰ্ধাৰণ কৰিব নোৱাৰে বুলি চিঠিত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

ঐতিহাসিক সিদ্ধান্ত....

প্ৰধানমন্ত্ৰীগৰাকীয়ে চিঠিত উল্লেখ কৰে যে, বিগত দিন বিজেপি চৰকাৰে কেবাটাও ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে, ফলস্বৰূপে দেশ দ্ৰুত গতিত উন্নতি কৰা পৰিলক্ষিত হৈছে ৷ ভৱিষ্যতলৈ কৰণীয় বহু আছে লগতে বহু প্ৰত্যাহ্বান আৰু সমস্যাৰো সন্মুখীন হ'ব লাগিব ৷ "মই দিনে-নিশাই কাম কৰো গতিকে মোৰ মাজত আসোঁৱাহ ৰৈ যাব পাৰে যদিও মোৰ দেশত কোনো ধৰণৰ ঘাটি নাই ৷ মই আপোনাক, আপোনাৰ শক্তিক আৰু ক্ষমতাক বিশ্বাস কৰো বুলি মুকলি চিঠিত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

COVID 19 আৰু প্ৰবাসী শ্ৰমিক....

কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে চলি থকা এই যুঁজখনত দেশবাসীৰ একতা আৰু সংকল্প দেখি তেওঁ আচৰিত হৈ পৰাৰ লগতে দেশৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ ক্ষেত্ৰত দেশবাসীয়ে এক উদাহৰণ দাঙি ধৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে চিঠিত উল্লেখ কৰে ৷ ইয়াৰোপৰি এই সংকটৰ সময়ছোৱাত জনগণৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই বুলি দাবি কৰাটো ভূল বুলি চিঠিৰ জৰিয়তে উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

শ্ৰমিকসকল, বিদেশী শ্ৰমিকসকল,কাৰিকৰসকলৰ লগতে শিল্প-কলাৰ সৈতে জৰিত লোকসকলে বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ আমি তেওঁলোকৰ সমস্যাসমূহ শীঘ্ৰেই সমাধা কৰিবলৈ তীব্ৰতৰ হৈ কাম কৰি আছো বুলি চিঠিত লিখে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

অৰ্থনীতি পুনৰুদ্ধাৰ....

ভাৰতৰ লগতে অন্য দেশসমূহৰো অৰ্থনীতি কিদৰে পুনৰুদ্ধাৰ কৰিব পৰা যায় সেইবিষয়ত ইতিমধ্যে বহু আলোচনা-বিলোচনা কৰা হৈছে ৷ আমি সকলোৱে একগোট হৈ পুনৰ আমাৰ অৰ্থনীতি শক্তিশালী কৰিম বুলি চিঠিৰ জৰিয়তে মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বিষয়ে....

এই মূহুৰ্তত সময়ৰ আহ্বান নিজকে আত্মনিৰ্ভৰশীল ৰূপে গঢ়ি তোলা ৷ নিজৰ দক্ষতাৰ ভিত্তিত আগবাঢ়ি যোৱাটোৱে আত্মনিৰ্ভৰ ভাৰত বুলি মুকলি পত্ৰত উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ কয় যে, শেহতীয়াকৈ ঘোষণা কৰা 20 লাখ কোটি টকাৰ পেকেজ আত্মনিৰ্ভৰশীল ভাৰতৰ এক বৃহৎ পদক্ষেপ ৷ এই পদক্ষেপৰ ফলত আমাৰ শ্ৰমিক, কৃষক আৰু সৰু উদ্যোগীসকলে নতুন যুগৰ সূচনা কৰিব ৷

যদিহে মানুহৰ কাৰ্য আৰু দায়িত্ব এখন হাতত তেন্তে সফলতা আনখন হাতত বুলি নিজৰ পত্ৰত এই আপ্তবাক্যশাৰীও উল্লেখ কৰে মোডীয়ে ৷

পূৰ্ববৰ্ষৰ উপলব্ধি....

সংসদৰ উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে ইতিমধ্যে কেবাটাও ৰেকৰ্ড ভংগ কৰি বহু আইন প্ৰণয়ন কৰা হৈছে ৷ চৰকাৰৰ নীতি আৰু সিদ্ধান্তৰ ফলস্বৰূপে গাঁও আৰু নগৰৰ মাজত ব্যৱধান হ্ৰাস পাইছে ৷ নগৰৰ তুলনাত গাঁৱত ইন্টাৰনেট ব্যৱহাৰ কৰা লোকৰ সংখ্যা বৃদ্ধি পোৱাও পৰিলক্ষিত হৈছে ৷

এই এবছৰীয়া পৰিক্ৰমাত মোডী চৰকাৰে কেবাটাও জটিল সিদ্ধান্ত গ্ৰহণ কৰি সাৰ্বজনীক ৰূপত চৰ্চা লাভ কৰে ৷ অনুচ্ছেদ 370, অযোধ্যা ৰাম মন্দিৰৰ শুনানিৰ লগতে ত্ৰিপল তালাকৰ দৰে বৰ্বৰ প্ৰথাৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি পত্ৰত উল্লেখ কৰে ৷

শেষত "সবকা সাথ, সবকা বিকাশ,সবকা বিশ্বাস" এই মূলমন্ত্ৰই ভাৰতখনক সকলো দিশতে আগবঢ়াই নিয়াত সহায় কৰিছে বুলি পত্ৰখনত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.