ETV Bharat / bharat

ওপজা দিনত অমিত শ্বাহক শুভকামনা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By

Published : Oct 22, 2020, 10:17 AM IST

আজি ৫৬ বছৰত ভৰি দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ওপজা দিনত টুইটযোগে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰন্দ্ৰ মোদীয়ে। ভাৰতৰ প্ৰগতিৰ বাবে অমিত শ্বাহৰ অৱদানৰ শলাগ ল'লে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ওপজা দিনত অমিত শ্বাহক শুভকামনা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
ওপজা দিনত অমিত শ্বাহক শুভকামনা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

নেশ্যনেল ডেস্ক, ২২ অক্টোবৰ: আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৫৬ সংখ্যক ওপজা দিন। আধুনিক ৰাজনীতিৰ 'চাণক্য' হিচাপে পৰিচিত অমিত শ্বাহৰ কৰ্মস্পৃহাৰ শলাগ লৈ ওপজা দিনৰ শুভকামনা জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটযোগে শুভেচ্ছা জনাই দেশৰ উন্নতিৰ বাবে কল্যাণমূলক কামত শ্বাহৰ অৱদানৰো শলাগ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে, 'ভাৰতীয় জনতা পাৰ্টীক শক্তিশালী কৰাত অমিত শ্বাহৰ ভূমিকা প্ৰশংসনীয়।' অমিত শ্বাহে ২০১৪ চনৰ পৰা ৫ বছৰৰো অধিক সময় দলটোৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈ আছিল।

  • Birthday wishes to Shri @AmitShah Ji. Our nation is witnessing the dedication and excellence with which he is contributing towards India’s progress. His efforts to make BJP stronger are also noteworthy. May God bless him with a long and healthy life in service of India.

    — Narendra Modi (@narendramodi) October 22, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁৰ নেতৃত্বতে বি জে পিয়ে অপ্ৰতিদ্বন্দী দল হিচাপে পৰিগণিত হোৱাৰ দিশত ধাৱমান হৈছিল। পূৰ্বে আন দলৰ শাসনাধীন বহু ৰাজ্য বি জে পিৰ দখললৈ আহিছিল। দ্বিতীয়বাৰৰ বাবে বি জে পিয়ে কেন্দ্ৰত শাসনৰ গাদী দখল কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে অমিত শ্বাহক কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ দায়িত্বভাৰ অৰ্পণ কৰে। ১৯৬৪ চনৰ আজিৰ দিনটোতে মুম্বাইত জন্মগ্ৰহণ কৰা অমিত শ্বাহে প্ৰথমে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘত যোগদান কৰে। গুজৰাটত নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হৈ থকা কালত অমিত শ্বাহ গৃহমন্ত্ৰীৰ দায়িত্বত আছিল।

সাংগঠনিক দক্ষতাৰ বাবে আধুনিক ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত শ্বাহ ৰাজনৈতিক জীৱনৰ বহু অভিজ্ঞতাৰে পৰিপুষ্ট। ২০১৪ চনত তেওঁ উত্তৰ প্ৰদেশত দলৰ প্ৰভাৰী হিচাপে কৰ্মৰত হৈ থকা সময়ত বিজেপিয়ে ৮০খন আসনৰ ভিতৰত ৭৩খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত শ্বাহে বি জে পিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ গুৰি ধৰে আৰু দলে ৩০৩খন আসনত নিজৰ আধিপত্য বিৰাজ কৰিবলৈ সক্ষম হয়। ১৯৭১ চনৰ পিছত পূৰ্ণ বহুমতৰ সৈতে জয়ী হোৱা দল হিচাপে বি জে পিয়ে স্বীকৃতি লাভ কৰে। অমিত শ্বাহে গান্ধীনগৰৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।

লগতে পঢ়ক:প্ৰতিৰক্ষা ব্যৱস্থাপনা মহাবিদ্যালয় আৰু বাইছন ডিভিজন পৰিদৰ্শন সেনাপ্ৰধানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.