নিউজ ডেস্ক, 4 মে: 6 মে’ত উৰিষ্যাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নৱীন পাটনায়ক আৰু ৰাজ্যপাল গনেশী লালৰ পৰা পৰিস্থিতিৰ বুজ লৈছে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে এই কথা কয় যে সমগ্ৰ দেশৰ জনতা এই দুৰ্যোগৰ সময়ত ৰাজ্যখনৰ লগত আছে আৰু যি কোনো প্ৰকাৰে ৰাজ্যখনক সহায় কৰিবলৈ সাজু হৈ আছে ৷
ইপিনে উৰিষ্যা চৰকাৰে জানিবলৈ দিয়ামতে ক্ষয়-ক্ষতিৰ পৰিমাণ এতিয়াও গম পোৱা হোৱা নাই যদিও পুৰী চহৰখন সবাতোকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷