ETV Bharat / bharat

বৰ্ধিত কৰ’ণা সংক্ৰমণৰ মাজতে সামগ্ৰিক পৰিস্থিতি পৰ্যৱেক্ষণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

মঙলবাৰে ক’ভিড 19ৰ ভেকচিনৰ বিতৰণ কাৰ্যসূচী সন্দৰ্ভত দিল্লী,হাৰিয়ানা,ৰাজস্থান,মহাৰাষ্ট্ৰ,ছত্ৰিশগড়,পশ্চিম বংগ আৰু কেৰালাৰ মুখ্যমন্ত্ৰীৰে ভাৰ্চুৱেল বৈঠকতো মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী ৷

As_ntl_PM_Modi_to_review_Covid_situation_img
বৰ্ধিত কৰ’ণা সংক্ৰমণৰ মাজতে দিল্লীৰ সাম্প্ৰতিক পৰিস্থিতি পৰ্যৱেক্ষণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
author img

By

Published : Nov 23, 2020, 6:10 PM IST

নেশ্যনেল ডেস্ক,23 নৱেম্বৰঃ দেশত বৃদ্ধি পোৱা কৰ’ণা মহামৰীৰ মাজতে মঙলবাৰে সামগ্ৰিক পৰিস্থিতি পৰ্যৱেক্ষণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাজ্যসমূহত ক’ভিড 19ৰ ভেকচিন বিতৰণ কাৰ্যসূচী সন্দৰ্ভটো আলোচনা কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰ উপৰিও দিল্লী,হাৰিয়ানা,ৰাজস্থান,মহাৰাষ্ট্ৰ,ছত্ৰিশগড়,পশ্চিম বংগ আৰু কেৰালাৰ মুখ্যমন্ত্ৰীৰে ভাৰ্চুৱেল বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী মোডী ৷

এই বেঠকৰ পিছতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ভেকচিন বিতৰণ সন্দৰ্ভত আলোচনা কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ক’ভিড 19ৰ ভেকচিন বিতৰণৰ ক্ষেত্ৰত কেন্দ্ৰই যথেষ্ট খৰতকীয়া পদক্ষেপ গ্ৰহণৰ যো-জা চলাইছে যিহেতু দেশত ক’ভিড আক্ৰান্তৰ সংখ্যা 9 মিলিয়নৰ ঘৰ অতিক্ৰম কৰিছে ৷ সোমবাৰৰ দিনটোত দেশত মুঠ 44 হাজাৰ টা ক’ভিড 19ৰ ঘটনা পোহৰলৈ আহিছে ৷

ভাৰতীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত 24 ঘন্টাত 511 জনকৈ লোক ক’ভিড 19ত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে ৷ বৰ্তমানলৈকে ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা 1 লাখ 33 হাজাৰ 738 ৷ 82 হাজাৰ 521 জন আক্ৰান্ত আৰু 46, 623 জনৰ মৃত্যুৰে মহাৰাষ্ট্ৰ বৰ্তমানেও সৰ্বাধিক আক্ৰান্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে ৷ ইয়াৰ পিছতে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকত সৰ্বাধিক লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ৷ আনহাতে, ৰাজধানী দিল্লীত দেওবাৰৰ দিনটোত মুঠ 6 হাজাৰ 746 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে 121 গৰাকী লোকৰ মৃত্যু হয় ৷

লগতে পঢ়ক-দিল্লীত সাংসদসকলৰ বাবে কেইবামহলীয়া বিল্ডিংটো উদ্বোধন প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.