ETV Bharat / bharat

কেদাৰনাথৰ গুহাত ধ্যানত মগ্ন প্ৰধানমন্ত্ৰী - ইটিভি ভাৰত

কেদাৰনাথত ধ্যানত মগ্ন দেশৰ প্ৰধানমন্ত্ৰী ৷ শনিবাৰে পুৱা কেদাৰনাথ মন্দিৰ দৰ্শন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ কিছু সময় জিৰণী লোৱাৰ পাচত আদিগুৰু শংকৰাচাৰ্যৰ সমাধি থকা গুহাত ধ্যানত মগ্ন হয় নৰেন্দ্ৰ মোডী ৷ শনিবাৰে নিশা এই গুহাতে কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

PM Modi
author img

By

Published : May 18, 2019, 8:54 PM IST

ডেৰাডুন,18 মে': লোকসভা নিৰ্বাচনৰ ফলাফললৈ মাজত কিছু দিন বাকী ৷ কোনে গঠন কৰিব আগন্তুক চৰকাৰ ? উৎকণ্ঠাত দেশ ৷ এই সময়তে কেদাৰনাথত ধ্যানত মগ্ন দেশৰ প্ৰধানমন্ত্ৰী ৷ শনিবাৰে পুৱা কেদাৰনাথ মন্দিৰ দৰ্শন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ মন্দিৰলৈ এটা ক্ৰিষ্টেলৰ ঘণ্টা আগবঢ়াই প্ৰধানমন্ত্ৰী মোডীয়ে ৷ কিছু সময় জিৰণী লোৱাৰ পাচত আদিগুৰু শংকৰাচাৰ্যৰ সমাধি থকা গুহাত ধ্যানত মগ্ন হয় নৰেন্দ্ৰ মোডী ৷ শনিবাৰে নিশা এই গুহাতে কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

কেদাৰনাথত ধ্যানত মগ্ন প্ৰধানমন্ত্ৰী

উল্লেখযোগ্য যে, 2013 চনত উত্তৰাখণ্ডত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত শংকৰাচাৰ্যৰ সমাধি ক্ষেত্ৰ ক্ষতিগ্ৰস্ত হৈছিল ৷ বিগত বছৰ প্ৰধানমন্ত্ৰী গৰাকী কেদাৰনাথ ভ্ৰমণলৈ যাওতে এই গুহা বিশেষ ৰূপত নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কেদাৰনাথ মন্দিৰৰ কিছু নিলগত থকা এই গুহাৰ পুনৰ নিৰ্মাণ কৰা হৈছে ৷ প্ৰায় 8 লাখ টকা ব্যয়েৰে এই গুহা নিৰ্মাণ কৰা হৈছে ৷ গুহাটোত বিদ্যুত,শৌচালয়,পানী আদিৰ সু-ব্যৱস্থা কৰা হৈছে ৷ এক হাজাৰ ভক্তৰ দৰ্শন কৰিব পৰাকৈ নিৰ্মাণ কৰা গুহাটোত যোগ সাধনা তথা বিশ্ৰামৰ বাবে ভক্তসকলে দিব লাগিব 990 টকা ৷ ন ৰূপত নিৰ্মাণ কৰা এই প্ৰাচীন গুহাৰ দৈৰ্ঘ 5 মিটাৰ আৰু উচ্চতা 3 মিটাৰ ৷ নতুনকৈ নিৰ্মাণ হৈ উঠাৰ পাচত গুহাসমূহৰ বাবে অনলাইন বুকিঙৰো ব্যৱস্থা কৰা হৈছে ৷

PM Modi to meditate at Adi Shankaracharya cave

কেদাৰনাথত ধ্যানত মগ্ন প্ৰধানমন্ত্ৰী 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.