ETV Bharat / bharat

মণিপুৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে - এন বীৰেণ সিং

জল জীৱন মিছনৰ অধীনত যিসমূহ পানীৰ টেপ ব্যৱস্থা (FHTCs)ৰ সংযোজন কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে, সেই উদ্দেশ্যে বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে মণিপুৰৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লা, মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু তেওঁলোকৰ কেবিনেট সহযোগী, সাংসদ আৰু বিধায়কসকল ইম্ফলৰ এই কাৰ্যসূচীত ভাগ লোৱাৰ সম্ভাৱনা আছে ৷

PM Modi to lay foundation stone for Manipur Water Supply Project
মণিপুৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
author img

By

Published : Jul 23, 2020, 10:27 AM IST

নেশ্যনেল ডেস্ক, 23 জুলাই : বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে মণিপুৰৰ পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে 1,42,749 টা আৱাসৰ 1,185 টা বস্তিক সাঙুৰি লোৱাৰ হেতু পানীৰ টেপ ব্যৱস্থা (FHTCs)ৰ সংযোজন কৰিবলৈ জল জীৱন মিছনৰ অধীনত মণিপুৰ চৰকাৰলৈ পুঁজি প্ৰদান কৰে ৷

মণিপুৰ পানী যোগান প্ৰকল্প হৈছে এক বহিৰাগত বিত্তীয় প্ৰকল্প, যাক গ্ৰেটাৰ ইম্ফল যোজনা ক্ষেত্ৰ, 25 খন চহৰত FHTCs প্ৰদান কৰিবৰ বাবে আৰ্হি প্ৰস্তুত কৰা হৈছে ৷ ইয়াৰ লগতে, 1,731 টা গ্ৰাম্য বস্তিৰ বাবে মণিপুৰৰ 16 খন জিলাৰ 2,80,756 টা আৱাসক সাঙুৰি লোৱা হৈছে ৷

আগন্তুক 2024 চনলৈ ‘হৰ ঘৰ জল’ৰ লক্ষ্য প্ৰাপ্তিৰ বাবে এয়া হৈছে ৰাজ্য চৰকাৰৰ প্ৰয়াসৰ এক গুৰুত্বপূৰ্শ প্ৰকল্প ৷ নতুন উন্নত বেংকৰ বিত্তীয় পোষিত ঋণৰ বাবে এই প্ৰকল্পৰ ব্যয় প্ৰায় 3054.58 টকা ৷

মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লা, মুখ্যমন্ত্ৰী এন বীৰেণ সিং আৰু তেওঁলোকৰ কেবিনেট সহযোগী, সাংসদ আৰু বিধায়কসকলে ইম্ফলত হ’বলগীয়া এই কাৰ্যসূচীত ভাগ লোৱাৰ আশা প্ৰকাশ কৰা হৈছে ৷

কেন্দ্ৰীয় চৰকাৰে এই জল জীৱন মিছনৰ আৰম্ভণি কৰিছে, যাতে 2024 চনলৈকে দেশৰ প্ৰত্যেক গ্ৰামাঞ্চলৰ আৱাসত সুৰক্ষিত আৰু পৰ্যাপ্ত মাত্ৰাত পানী সৰবৰাহ হয় ৷

এই আঁচনিৰ আন এটা উৎস হৈছে, পানীৰ ক্ষেত্ৰত বহনক্ষম উপায়সমূহক বাধ্যতামূলক উপাদান হিচাপে গ্ৰহণ কৰা, এবাৰ ব্যৱহৃত পানী পুনঃব্যৱহাৰযোগ্য কৰা আৰু পানী তথা বৰষুণৰ পানী সংৰক্ষণ কৰা ৷

লগতে পঢ়ক : কোভিড-19 ৰোগীৰ পৰিয়ালে জ্বলালে এম্বুলেন্স

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.