নেশ্যনেল ডেস্ক, 20 মাৰ্চ : কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে বিভিন্ন দিশ আলোচনাৰ বাবে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, শুকুৰবাৰে সন্ধিয়াৰ ভাগত ভিডিঅ' কনফাৰেন্সিঙৰ আয়োজন কৰা হ'ব ৷
কৰ'ণা ভাইৰাছ প্ৰতিৰোধ সম্পৰ্কত সজাগতা সৃষ্টিৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ নাগৰিকৰ লগতে স্থানীয় কৰ্তৃপক্ষকো বিভিন্ন ধৰণৰ আহ্বান জনাই আহিছে ৷
বৃহস্পতিবাৰে দেশৰ নাগৰিকক সম্বোধন কৰি কৰ'ণা ভাইৰাছৰ প্ৰভাৱ সম্পৰ্কত সজাগতা প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল ৷ লগতে জটিল পৰিস্থিতি ভাৰতে সমাধান কৰিবলৈ সক্ষম হোৱাৰ লগতে দেশত সকলো ঠিকেই আছে বুলি মন্তব্য কৰিছিল প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷
আৰু পঢ়ক : আজিৰ দিনটো 'নিৰ্ভয়া ন্যায় দিৱস' হিচাপে পালন কৰক : নিৰ্ভয়াৰ মাতৃ