নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ : দেশত চলি থকা ক’ভিড-19ৰ ভয়াৱহতাৰ মাজতেই সাতখনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ অহা 23 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে এইসকল মুখ্যমন্ত্ৰীৰ সৈতে ক’ভিড-19 পৰ্যালোচনাত সভাত মিলিত হ'ব ৷
বিগত 11 আগষ্টত শেষবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে ক’ভিড-19 পৰ্যালোচনা সভাত মিলিত হৈছিল ৷ অন্ধ্ৰ প্ৰদেশ, কৰ্নাটক, তামিলনাডু, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, পঞ্জাৱ, বিহাৰ, গুজৰাট, তেলেংগানা আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে ভাৰ্চুৱেল পৰ্যালোচনাত মিলিত হৈছিল ৷
অহা 23 ছেপ্টেম্বৰৰ পৰ্যালোচনাত সভাত অসম, মহাৰাষ্ট্ৰ, দিল্লী, উত্তৰ প্ৰদেশ আদি ৰাজ্যসমূহকে ধৰি মুঠ 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে পৰ্যালোচনা সভাত মিলিত হ'ব প্ৰধানমন্ত্ৰী মোডী ৷
লগতে পঢ়ক : কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন