ETV Bharat / bharat

BRICS সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ব্ৰাজিললৈ প্ৰধানমন্ত্ৰী মোদী - BRICS Summit

দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিললৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী মোদী ৷ BRICSৰ 11 সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

ব্ৰাজিললৈ প্ৰধানমন্ত্ৰী মোদী
author img

By

Published : Nov 12, 2019, 5:19 PM IST

Updated : Nov 12, 2019, 8:03 PM IST

নিউজ ডেস্ক, 12 নৱেম্বৰঃ মঙলবাৰে BRICS সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ব্ৰাজিললৈ উৰা মাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিললৈ যোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে 13 নৱেম্বৰ অৰ্থাৎ বুধবাৰে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে BRICS ব্যৱসায়ী বৈঠকৰ সামৰণি অনুষ্ঠানতো অংশগ্ৰহণ কৰিব ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকিব বৈদেশিক সচিব (অৰ্থনৈতিক সম্বন্ধ) টি এছ তিৰুমূৰ্ত্তি ৷

প্ৰধানমন্ত্ৰীগৰাকীৰ লগত এক বৃহৎ ব্যৱসায়ীৰ প্ৰতিনিধি দল ব্ৰাজিলত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ BRICSৰ ব্যৱসায়ী বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে উপস্থিত থাকিব দলটো ৷

লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ পলিটিকেল ড্ৰামাঃ আজি কংগ্ৰেছ-এন চি পিৰ বৈঠকৰ সম্ভাৱনা !

সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ব্ৰাজিল,ৰাছিয়া,ভাৰত,চীন আৰু দক্ষিণ আফ্ৰিকাক লৈ গঠন কৰা হৈছিল BRICS ৷ বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় 42 শতাংশ,বিশ্ব বাণিজ্যত প্ৰায় 17 শতাংশ আৰু বিশ্বত উৎপাদিত সামগ্ৰীৰ প্ৰায় 23 শতাংশত অংশীদাৰত্ব আগবঢ়ায় BRICSত অন্তৰ্ভুক্ত দেশকেইখনে ৷

উল্লেখ্য যে,দুদিনীয়া কাৰ্যসূচীৰে আগন্তুক 13 আৰু 14 নৱেম্বৰত ব্ৰাজিলত অনুষ্ঠিত হ'ব BRICS সন্মিলন ৷

BRICS সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে ব্ৰাজিললৈ প্ৰধানমন্ত্ৰী মোদী

নিউজ ডেস্ক, 12 নৱেম্বৰঃ মঙলবাৰে BRICS সন্মিলনত অংশগ্ৰহৰ উদ্দেশ্যে ব্ৰাজিললৈ উৰা মাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ দুদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিললৈ উৰা মৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে 13 নৱেম্বৰ অৰ্থাৎ বুধবাৰে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ লগতে BRICS ব্যৱসায়ী বৈঠকৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকিব বৈদেশিক সচিব ( অৰ্থনৈতিক সম্বন্ধ) টি এছ তিৰুমূৰ্ত্তি ৷

প্ৰধানমন্ত্ৰীগৰাকীৰ লগত এক বৃহৎ ব্যৱসায়ীৰ প্ৰতিনিধি দল উপস্থিত হোৱাৰ কথা আছে BRICS সন্মিলনত ৷ বিশেষকৈ BRICS ব্যৱসায়ী বৈঠকত অংশগ্ৰহণ কৰিব দলটোৱে ৷

সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰখনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাকলৈ গঠন কৰা হৈছিল BRICS ৷ বিশ্বৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় 42 শতাংশ, বিশ্ব বাণিজ্যত প্ৰায় 17 শতাংশ আৰু বিশ্বত উৎপাদিত সামগ্ৰীত প্ৰায় 23 শতাংশৰ অংশীদাৰত্ব আগবঢ়ায় BRICS ত অন্তৰ্ভুক্ত কাৰী দেশকেইখনে ৷

উল্লেখ্য যে, দুদিনীয়া কাৰ্যসূচীৰে  আগন্তুক 13 আৰু 14 নৱেম্বৰত ব্ৰাজিলত অনুষ্ঠিত হ'ব BRICS সন্মিলন ৷ 
Last Updated : Nov 12, 2019, 8:03 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.