ETV Bharat / bharat

নৰেন্দ্ৰ মোডীক ভগৱানৰ নেতা সজালে জেপি নাড্ডাই

author img

By

Published : Jun 22, 2020, 4:58 AM IST

কেৱল মানুহৰ নহয়, ভগৱানৰো নেতা নৰেন্দ্ৰ মোডী ৷ ৰাহুল গান্ধীক কটাক্ষ কৰি এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ ৷

PM Modi is leader of Gods
PM Modi is leader of Gods

নিউজ ডেস্ক, 22 জুন : ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰত্যুত্তৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দেওবাৰে কয় যে, নৰেন্দ্ৰ মোডী কেৱল মানুহৰ নেতা নহয়, তেওঁ ভগৱানৰো নেতা ৷ উত্তৰ প্ৰদেশত জন সম্বাদত অংশ লৈ নাড্ডাই কয় যে, বৰ্তমান ভগবানো কংগ্ৰেছৰ লগত নাই, আৰু তেওঁলোকে নৰেন্দ্ৰ মোডীক চাৰেন্দাৰ মোডী বুলি কয় ৷ তাৰমানে তেওঁলোকে এইটো বুজাইছে যে, মোডী কেৱল মানুহৰেই নহয় ভগৱানৰো নেতা ৷ তেওঁলোকে ভগৱানৰ ভাষা বুজা উচিত ৷

PM Modi is leader of Gods
নৰেন্দ্ৰ মোডীক ভগৱানৰ নেতা সজালে জেপি নাড্ডাই

ৰাহুলগান্ধীয়ে টুইটাৰত চীন-ভাৰতৰ মাজৰ শেহতীয়া সম্পৰ্কক লৈ লেখা এটা প্ৰৱন্ধত নৰেন্দ্ৰ মোডী প্ৰকৃততে চাৰেন্দাৰ মোডী বুলি উল্লেখ কৰিছিল ৷ তাৰ পাচতেই কংগ্ৰেছ নেতাগৰাকীৰ ওপৰত সৰব হৈ পৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ নাড্ডাই লগতে কয় যে, কংগ্ৰেছে নিৰাপত্তাবাহিনীৰ হানি কৰিছে ৷ বিজেপিয়ে কেতিয়াও তেওঁলোকক প্ৰশ্ন কৰা নাই যে, তেওঁলোকৰ শাসনকালত কিমান ভূমি চীনে দখল কৰিলে ৷

ইয়াৰ লগতে নাড্ডাই কংগ্ৰেছক উপদেশ প্ৰদান কৰি কয় যে, বিৰোধীয়ে কেনেকৈ ভূমিকা পালন কৰিব লাগে সেই সম্পৰ্কে বিজেপিৰ ওচৰত পাঠ গ্ৰহণ কৰক কংগ্ৰেছে ৷ কিয়নো দীৰ্ঘসময় ধৰি বিজেপিয়ে বিৰোধীৰ ভূমিকাত অৱতীৰ্ণ হৈ আহিছে ৷

লগতে পঢ়ক : উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.