ETV Bharat / bharat

ক'ভিড-19 : 10 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

author img

By

Published : Aug 11, 2020, 1:39 PM IST

COVID-19 মহামাৰী সম্পৰ্কত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে বৈঠকত মিলিত হ'ব দহ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৷ ৰাজ্যকেইখন হৈছে উত্তৰ প্ৰদেশ,তামিলনাডু,পশ্চিমবংগ,পঞ্জাৱ,তেলেংগানা,মহাৰাষ্ট্ৰ,গুজৰাট,বিহাৰ আৰু কৰ্ণাটক ৷

ক'ভিড-19
10 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

নেশ্যনেল ডেস্ক, 11 আগষ্ট : COVID-19 মহামাৰীৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সম্পৰ্কত পৰ্যালোচনা বৈঠকৰ বাবে বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ এই বৈঠকত অংশগ্ৰহণ কৰিবলগা ৰাজ্যকেইখন হৈছে উত্তৰ প্ৰদেশ,তামিলনাডু,পশ্চিমবংগ,পঞ্জাৱ, তেলেংগানা,মহাৰাষ্ট্ৰ,গুজৰাট,বিহাৰ আৰু কৰ্ণাটক ৷

প্ৰধানমন্ত্ৰী মোডীৰ উপৰি এই বৈঠকত উপস্থিত থাকিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ৷ উল্লেখ্য যে,কৰ'ণা ভাইৰাছৰ ফলত দেশজুৰি ঘোষণা কৰা প্ৰথমটো লক ডাউনৰ পৰাই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডীয়ে বহুকেইখন বৈঠকত অংশগ্ৰহণ কৰিছে ৷

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰদান কৰা তথ্য অনুসৰি,যোৱা 24 ঘন্টাত দেশত ক'ভিড-19 আক্ৰান্তৰ সংখ্যা 22,68,676 লৈ বৃদ্ধি পাইছে ৷ আনহাতে,মৃত্যু হৈছে 45,257 গৰাকীৰ ৷

সোমবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে দেশৰ ছয়খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হৈছিল ৷ বৈঠকত অংশগ্ৰহণ কৰিছিল অসম,বিহাৰ,উত্তৰ প্ৰদেশ,মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰালাই ৷ বান পৰিস্থিতি আৰু দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ প্ৰভাৱৰ পৰা ৰাজ্যসমূহক মুক্ত কৰিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই সম্পৰ্কত এক পৰ্যালোচনা বৈঠকৰ আয়োজন কৰিছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : ৰক্তাক্ত অৱস্থাত উদ্ধাৰ উত্তৰ প্ৰদেশৰ বিজেপি নেতাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.