নিউজ ডেস্ক, 20 মাৰ্চ: কৰ’ণা ভাইৰাছৰ সম্প্ৰসাৰিত বিষয় সন্দৰ্ভত শুকুৰবাৰে বহু কেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে এক ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এই বৈঠকত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষ বৰ্ধন আৰু উচ্চ পৰ্যায়ৰ বহু কেইজন স্বাস্থ্য বিষয়াৰ লগতে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং,মহাৰাষ্ট্ৰৰ মু্খ্যমন্ত্ৰী উদ্ধৱ থাকৰে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও অংশগ্ৰহণ কৰে ৷ এই বৈঠকত কৰ’ণা ভাইৰাছ সম্প্ৰসাৰিত হোৱাৰ প্ৰক্ৰিয়াৰ ওপৰত আলোচনা কৰা হয় ৷ এই ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে ৰাজ্যৰ সক্ষমতা আৰু স্থানীয় স্বাস্থ্য বিষয়াক প্ৰশিক্ষণ দিয়াৰ ওপৰতো গুৰুত্বপূৰ্ণ চৰ্চা কৰা হয় ৷
আনহাতে বৃহস্পতিবাৰে বাৰে দেশবাসীক সম্বোধন কৰি কৰ’ণা ভাইৰাছৰ প্ৰভাৱ তথা স্তৰৰ বিষয়ে উল্লেখ কৰি ভাৰতবৰ্ষ বৰ্তমানলৈকে এই ভাইৰাছৰ সংকটৰ পৰা বাহিৰত আছে বুলি মন্তব্য কৰে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, এই ভাইৰাছক অৱহেলিত কৰা মানসিকতা সঠিক নহয় ৷ কৰ’ণা ভাইৰাছৰ দৰে এটা বিশ্বব্যাপী ভাইৰাছক উপলুঙা কৰাটো সঠিক নহয় ৷ এইয়া প্ৰয়োজনীয় যে প্ৰত্যেক জন নাগৰিকে সৰ্তক আৰু সাৱধানতা অৱলম্বন কৰক ৷
মহামাৰীত প্ৰভাৱিত দেশ সমূহৰ ওপৰত কৰা অধ্যয়নত ধৰা পৰিছে যে, কিছু দিনৰ অন্ততেই অধিক বিস্ফোৰক হৈ পৰিছে এই ভাইৰাছৰ ভয়াৱতা ৷ অতি কম দিনৰ ভিতৰতে বহু লোক সংক্ৰমিত কৰিছে এই মহামাৰী Covid-19 য়ে ৷