ETV Bharat / bharat

অসহায় লোকক সহায় কৰিবলৈ দল-সংগঠন, কৰ্মচাৰীলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jul 9, 2020, 9:47 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে বাৰানসীৰ দৰিদ্ৰ লোক সকলক সহায় কৰিবলৈ চহৰখনৰ সংগঠন, সচেতন নাগৰিক তথা চৰকাৰী কৰ্মচাৰী সকলক আহ্বান জনাইছে । লগতে কৰ'ণা ভাইৰাছৰ সকলো নীতি-নিয়ম পালন কৰিবলৈ অনুৰোধ জনাইছে । এক ভিডি'অ কনফাৰেন্সৰ জৰিয়তে চহৰখনৰ বিভিন্ন দল-সংগঠন তথা নাগৰিকৰ লগত কথা পাতি সহায় কৰিবলৈ অনুৰোধ জনায়।

pm-applauds-role-of-people-of-varanasi-in-helping-needy-during-covid-crisis

নিউজ ডেস্ক, ৯ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে বাৰানসীৰ দৰিদ্ৰ লোক সকলক সহায় কৰিবলৈ চহৰখনৰ সংগঠন, সচেতন নাগৰিক তথা চৰকাৰী কৰ্মচাৰী সকলক আহ্বান জনাইছে । লগতে কৰ'ণা ভাইৰাছৰ সকলো নীতি-নিয়ম পালন কৰিবলৈ অনুৰোধ জনাইছে ।

এক ভিডি'অ কনফাৰেন্সৰ জৰিয়তে চহৰখনৰ বিভিন্ন দল-সংগঠন তথা নাগৰিকৰ লগত কথা পাতি সহায় কৰিবলৈ অনুৰোধ জনায় । একেদৰে কাশীত বৃদ্ধি পোৱা আক্ৰান্ত লোক সন্দৰ্ভতো আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী গৰাকী ।

উল্লেখযোগ্য যে, উত্তৰ প্ৰদেশৰ ভৌগোলিক পৰিসীমা আৰু জনসংখ্যাৰ ওপৰত লক্ষ্য ৰাখি প্ৰায় ২৪ কোটি জনতাৰ ক্ষেত্ৰত ৰাজ্যখনে কোভিড-১৯ ৰ গতিবিধি সম্পৰ্কত তদন্ত কৰিছে । লগতে তেওঁ আকৌ কয় যে, সহজতে আৰোগ্য হোৱা লোকৰ সংখ্যাও বৃদ্ধি হৈছে । বৰ্তমানলৈ ৰাজ্যখনত ৮০০ লোকৰ মৃত্যু হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.