নিউজ ডেস্ক, ১১ এপ্ৰিলঃ দৰিদ্ৰ সীমাৰেখাৰ তলৰ নাগৰিক তথা বিপিএল কাৰ্ডৰ হিতাধিকাৰীসকলক বেচৰকাৰী হাস্পতালত মহামাৰী COVID-19 ৰ বিনামূলীয়াকৈ পৰীক্ষা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত আৱেদন দাখিল কৰে জ্যেষ্ঠ চিকিৎসক কৌশল কান্তে ।
ইয়াৰ উপৰিও সকলো পৌৰ সভা আৰু পঞ্চায়তত Pathogen লেৱ স্থাপন কৰিবলৈ চৰকাৰলৈ আহ্বান জনাই উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল কৰে চিকিৎসক গৰাকীয়ে ।
চিকিৎসক গৰাকীৰ আৱেদন ভিত্তিতে ন্যায়ধীশ অশোক ভূষণৰ নেতৃত্বত বহা বিচাৰপীঠে চৰকাৰলৈ জাননী প্ৰেৰণ কৰে । আৰু আৱেদন সন্দৰ্ভত চিন্তা-চৰ্চা কৰিবলৈ ২ সপ্তাহৰ সময়সীমা বান্ধি দিয়ে ।