নিউজ ডেস্ক, 30 জানুৱাৰী : প্লাষ্টিকৰ পৰা ইটা প্ৰস্তুত ! তাকো একক ব্যৱহৃত প্লাষ্টিকেৰে ৷ পশ্চিমবংগৰ বিষ্ণুপুৰ জিলাৰ স্থানীয় নাগৰিক সকলৰ এই কাৰ্যই ইতিমধ্যে যথেষ্ট উৎসাহ যোগাইছে ৷ লোকসকলে প্লাষ্টিকৰ পৰা পৰিবেশ অনুকূল ইটা প্ৰস্তুত কৰিছে ৷ এই পদক্ষেপৰ পোন প্ৰথমে পৰিকল্পনা কৰিছিল বাংকুৰা জিলাৰ বিষ্ণুপুৰৰ মহকুমা বিষয়াই ৷ মানস মণ্ডল নামৰ বিষয়াগৰাকীয়ে একক ব্যৱহৃত প্লাষ্টিকৰ মোনা, বটল আদি ব্যৱহাৰ কৰি ইটাৰ আকাৰ দিয়াৰ চেষ্টা চলাইছিল ৷ বটলবোৰ সম্পূৰ্ণৰূপে পেকেট কৰি সেইবোৰক এটা আকাৰ দিয়া হয় আৰু ইটা হিচাপে ব্যৱহাৰ কৰা হয় ৷ মণ্ডলে নিজৰ পুত্ৰকো এই কৰ্মত নিয়োজিত কৰিছে ৷ এবাৰ সফল হোৱাৰ পাচত তেওঁ ইয়াৰ প্ৰসাৰ আৰম্ভ কৰিছে ৷
বিষয়াগৰাকীয়ে পোন প্ৰথমে এই ইটাসমূহ তেওঁৰ কাৰ্যালয়ৰ সৌন্দৰ্যবৰ্ধনৰ বাবে ব্যৱহাৰ কৰিছিল ৷ কাৰ্যালয় চৌহৰ গছসমূহৰ গুৰিত এই ইটাৰে ঘেৰ দিয়া হৈছিল ৷ মহকুমা কাৰ্যালয়ত প্লাষ্টিকৰ ইটাৰ দ্বাৰা বহিবলৈও বেঞ্চ আদি নিৰ্মাণ কৰা হৈছে ৷ প্লাষ্টিকৰ বটল আৰু জাৰ আদিক ইটাৰ আকাৰ দিয়া হয় আৰু প্লাষ্টিকৰ মোনাসমূহ তাৰ ভিতৰত ভৰোৱা হয় ৷ বিষ্ণুপুৰ মহকুমা প্ৰশাসনে প্ৰথমে বিদ্যালয়সমূহত পৰিৱেশ অনুকূল ইটাৰ প্ৰচাৰ চলায় ৷
আৰু পঢ়ক : হায়দৰাবাদত অসম পৰ্যটন বিভাগৰ ৰ'ড শ্ব'