ETV Bharat / bharat

ভাৰতীয় সেনাৰ হাতত কৰায়ত্ব চীনা সৈনিক

author img

By

Published : Jan 9, 2021, 3:32 PM IST

Updated : Jan 9, 2021, 4:27 PM IST

প্ৰকৃত নিয়ন্ত্ৰণৰেখাত ভাৰতীয় সীমান্তৰ ভিতৰত প্ৰৱেশ কৰা চীনা পিএলএৰ সৈনিকক কৰায়ত্ব কৰে ভাৰতীয় সেনাই ৷

ভাৰতীয় সেনাৰ হাতত কৰায়ত্ত চীনা সৈনিক
ভাৰতীয় সেনাৰ হাতত কৰায়ত্ত চীনা সৈনিক

নিউজ ডেস্ক, 9 জানুৱাৰী : সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি, ভাৰতীয় সেনাই বন্দী কৰিছে চীনা পিএলএৰ এগৰাকী সৈনিক ৷ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ লাডাখত ৰেজাং-লাত ভাৰতীয় স্থলসেনাই কৰায়ত্ব কৰে চীনা সৈনিকগৰাকীক ৷ নিয়ন্ত্ৰণৰেখা পাৰ হৈ ভাৰতীয় সীমান্তৰ ভিতৰত প্ৰৱেশ কৰাৰ পিচতেই পিএলএৰ সৈনিকজনক কৰায়ত্ব কৰে ভাৰতীয় সেনাই ৷ বৰ্তমানে চীনা সৈনিকজন ভাৰতীয় সেনাৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে ৷

ভাৰতীয় স্থলসেনাৰ শীৰ্ষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, 8 জানুৱাৰীৰ পুৱতিনিশা সংঘটিত হয় এই ঘটনা ৷ লাডাখৰ পাংগং ছ্য’ হ্ৰদৰ দক্ষিণ প্ৰান্তৰ পৰা ভাৰতীয় সেনাই কৰায়ত্ত কৰে চীনা সৈনিকগৰাকীক ৷ ইতিমধ্যে এই ঘটনাক লৈ দুয়োপক্ষৰ মাজত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ভাৰতীয় সেনাই প্ৰকাশ কৰা অনুসৰি, দুয়োপক্ষৰ সৈনিক এই অঞ্চলত মোতায়েন হৈ আছে ৷ কিন্তু পিএলএৰ সৈনিকজনে নীতিবৰ্হিভূতভাৱে ভাৰতীয় সীমান্তত প্ৰৱেশ কৰাৰ বাবেই তেওঁক কৰায়ত্ব কৰা হৈছে ৷ ভাৰত-চীনৰ প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সকলো নীতি অনুসৰি, চীনা সৈনিকজনক পিএলএক গতাই দিয়া হ’ব বুলি ভাৰতীয় সেনাই প্ৰকাশ কৰিছে যদিও পিএলএ এই সন্দৰ্ভত ভাৰতীয় সেনাৰ সৈতে কোনো যোগাযোগ স্থাপন কৰা নাই ৷

লগতে পঢ়ক : উত্তৰ-পূৱত সংযোজন হ’ব নেকি যুঁজাৰু বিমান ৰাফেল?

Last Updated : Jan 9, 2021, 4:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.