ETV Bharat / bharat

SCO দেশসমূহক বাণিজ্য,বিনিয়োগৰ মাত্ৰা বঢ়োৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোয়েলৰ - পীযুষ গোয়েল

ক’ভিড-19 মহামাৰীৰ পাচত শীঘ্ৰেই বাণিজ্যৰ দ্ৰুত পুনৰুদ্ধাৰ সুনিশ্চিত কৰাতো গুৰুত্বপূৰ্ণ হৈ পৰিব ৷ মঙলবাৰে ভাৰতে আয়োজন কৰা সাংঘাই সহযোগী সংগঠন (SCO)ৰ 19 সংখ্যক বৈঠকত বিদেশী অৰ্থব্যৱস্থা আৰু বিদেশী বাণিজ্যিক গতিবিধি সন্দৰ্ভত মন্তব্য কৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলে ৷

Piyush Goyal calls upon SCO countries to enhance trade, investment
SCO দেশসমূহক বাণিজ্য,বিনিয়োগৰ মাত্ৰা বঢ়োৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোয়েলৰ
author img

By

Published : Oct 29, 2020, 7:54 AM IST

নিউজ ডেস্ক,29 অক্টোবৰ : বুধবাৰে SCO দেশসমূহৰ পৰা আৰ্থিক শক্তিৰ লাভ আৰু দেশসমূহত বিনিয়োগৰ মাত্ৰা বঢ়োৱাৰ বাবে কৰা অংশীদাৰিত্বৰ সন্দৰ্ভত বুজ লয় কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোয়েলে ৷

তেওঁ কয় যে,SCO য়ে বাণিজ্য আৰু বিনিয়োগৰ মাত্ৰা বঢ়াবলৈ সহযোগিতা অব্যাহত ৰখা উচিত ৷ ক’ভিড-19 মহামাৰীৰ পাচত শীঘ্ৰেই বাণিজ্যৰ দ্ৰুত পুনৰুদ্ধাৰ সুনিশ্চিত কৰাতো গুৰুত্বপূৰ্ণ হৈ পৰিব ৷

আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংঘাই সহযোগী সংগঠন (SCO)ৰ 19 সংখ্যক বৈঠকত বিদেশী অৰ্থব্যৱস্থা আৰু বিদেশী বাণিজ্যিক গতিবিধি সন্দৰ্ভত মন্তব্য প্ৰদান কৰে ৷ মঙলবাৰে ভাৰতে এই বৈঠকৰ আয়োজন কৰিছিল ৷

এক চৰকাৰী বিজ্ঞপ্তিত উল্লেখিত তথ্য অনুসৰি মন্ত্ৰী পীযুষ গোয়েলে কয় যে,প্ৰত্যেকখন ৰাষ্ট্ৰৰ বিশ্ব দৃষ্টিভংগী সভ্যতা আৰু দাৰ্শনিক পৰম্পৰাৰ সৈতে জড়িত হৈ থাকে ৷ ভাৰতৰ প্ৰাচীন জ্ঞানে বিশ্বক এক পৰিয়াল হিচাপে বিবেচনা কৰে- ‘‘বাসুদেৱ কুটুম্বকম’’ ৷

উল্লেখ্য যে,এই অনুষ্ঠানত ৰাজ্যিক বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী হৰদ্বীপ সিঙেও মতামত আগবঢ়ায় ৷ উক্ত ভাৰ্টুৱেল বৈঠকত SCOৰ মহাসচিব,কিৰ্গিজ ৰিপাব্লিক,কাগাখস্তান,পাকিস্তান,ৰাছিয়া,তাজিকিস্তান আৰু উজবেকিস্তানৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে ৷

বৈঠকত ক’ভিড-19ৰ সাম্প্ৰতিক পৰিস্থিতিৰ এক মন্তব্যৰ সৈতে চাৰিখন দস্তাবেজ গৃহীত কৰা হয়, যিয়ে প্ৰতিষেধক উপলব্ধ আৰু বাণিজ্যৰ সুবিধাৰ্থে অধিক সহযোগিতাৰ প্ৰয়োজনীতাক সাঙুৰি লয় ৷ মন্ত্ৰী পীযুষ গোয়েলে কয় যে, সকলো SCO একগোট হোৱাৰ বাবে এক গুৰুত্বপূৰ্ণ ফলাফল পোৱা গৈছে ৷

লগতে পঢ়ক : বিহাৰ নিৰ্বাচন : 54 শতাংশ ভোটদানেৰে সামৰণি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.