নিউজ ডেস্ক, ১০ এপ্ৰিলঃ বৃহস্পতিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হয় এক ৰাজহুৱা স্বাৰ্থ জৰিত আবেদন । আবেদনত উল্লেখ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ লগতে যি কেইখন চহৰ অধিক সংক্ৰমিত হৈছে সেই সমূহ চহৰত ঘৰে-ঘৰে COVID-১৯ ৰ পৰীক্ষা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।
আনহাতে PMNRF, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সাহয্য পুঁজিৰ ধন এনডিআৰএফ (NDRF), ব্যক্তিগত সুৰক্ষা সৰঞ্জাম (PPE), কোৱাৰেণ্টাইন চেন্টাৰ সমূহত মুকলাই দিয়াৰ বাবেও চৰকাৰক নিৰ্দেশ দিয়াৰ অনুৰোধ কৰা হৈছে আবেদনখনত ।
উচ্চতম ন্যায়ালয়ত অধিবক্তা শ্বাহৱাট আনন্দ, অনকুৰ আজাদ, ফেইজ আহমদে দাখিল কৰে এই ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখন ।
তেওঁলোকৰ মতে, গণ সম্প্ৰসাৰণ ৰোধিবলৈ সামাজিক দূৰত্ব আৰু লক্ ডাউন ব্যৱস্থা কৰা হৈছে । কিন্তু সন্দেহ জনক লোকৰ মাজত পৰীক্ষণ সীমাবদ্ধ ৰখাটো আৰু অন্যান্য লোকক পৰীক্ষা নকৰাটো চকু বন্ধ কৰি জুইৰ সৈতে যুদ্ধ কৰাৰ নিচিনা বুলি উল্লেখ কৰে ।