ETV Bharat / bharat

COVID-১৯: জীৱ-জন্তু বধৰ নিষেধাজ্ঞা দাবী কৰি ৰাজহুৱা স্বাৰ্থ জনিত আবেদন

author img

By

Published : Apr 24, 2020, 11:31 AM IST

COVID-১৯ মহামাৰী সময়ত জীৱ-জন্তু বধ কৰাৰ নিষেধাজ্ঞা দাবী কৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল এটা বেচৰকাৰী সংস্থা ।

PIL in SC seeks ban on slaughtering of animals during COVID-19 pandemic

নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ মহামাৰী সময়ত জীৱ হত্যা কৰাকলৈ উচ্চতম ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থ জনিত আবেদন দাখিল এটা বেচৰকাৰী সংস্থা বিশ্ব জেইন সংগঠনৰ ।

সংগঠনটোৱে আবেদনত ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদ (ICMR)ক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰা হৈছে । য'ত কোৱা হৈছে ফেল'জেনেটিক বা জুন'টিক সম্বন্ধ আৰু ফেন'টিক গঠন প্ৰক্ৰিয়াৰ আধাৰত কৰ'ণা ভাইৰাছত জীৱ-জন্তৰ প্ৰজাতিৰ ভূমিকাৰ চিনাক্ত কৰি জন্তু-চৰাই,মুৰ্গী আদিৰ ব্যৱসায়, উপভোগ, বিক্ৰী তথা ৰপ্তানিৰ বাবে হত্য়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে ।

আবেদনত লগতে ICMRক বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা দিয়া নিৰ্দেশ অনুসাৰে বিভিন্ন ইণ্টাৰফেচত সম্ভাৱ্য সংক্ৰমিত জীৱ-জন্তু আৰু সম্প্ৰদায় বা পেশাগত গোষ্ঠীবোৰৰ বাণিজ্য আৰু উপভোগৰ সম্ভাৱ্য বিপদৰ চিনাক্ত কৰিবলৈ কোৱা হৈছে ।

ইয়াৰ ওপৰি চিকিৎসা বিশ্ববিদ্য়ালয় অথবা মহাবিদ্য়ালয়ৰ সমন্বয়ত এটা বেচৰকাৰী উচ্চ-স্তৰৰ গৱেষণা কমিটি গঠনৰ অনুৰোধ কৰা হৈছে যাতে কৰ'ণা ভাইৰাছত জীৱ-জন্তুৰ সংবেদনশীলতা (ভোজনৰ বাবে বধ কৰাৰ) পৰীক্ষামূলক গৱেষণা কৰিব পৰা যায় । লগতে জীৱ-জন্তু,পক্ষী,মাছৰ কল্যাণৰ বাবে ৰাষ্ট্ৰীয় নীতি তৈয়াৰ কৰাৰো আহ্বান কৰা হৈছে আবেদনখনত ।

যোৱা ৩০ মাৰ্চত মৎস্য মন্ত্ৰণালয়,পশুপালন আৰু দুগ্ধ মন্ত্ৰণালয়ে কৰ'ণা ভাইৰাছৰ সময়ত মাছ-মাংস খোৱাৰ অনুমতি প্ৰদান কৰাৰ পাচতেই এই নিৰ্দেশকক বাতিল কৰাৰ কথা উল্লেখ কৰা হৈছে এই ৰাজহুৱা স্বাৰ্থজনিত আবেদনখনত ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.