গুৱাহাটী,25 জুন :আহেমদাবাদলৈ হাতী প্ৰেৰণৰ বিৰোধিতাত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল ৷ অভিনৱ প্ৰয়াস নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে দাখিল কৰিছে এই পি আই এল ৷
ইয়াৰ উপৰিও প্ৰচণ্ড গৰমত 3100 কিল'মিটাৰ ৰেলেৰে আহমেদাবাদলৈ হাতী লৈ পঠিয়াবলৈ অসমৰ বন বিভাগে লোৱা সিদ্ধান্তৰ পৰিৱেশকৰ্মী সকলেও বিৰোধিতা কৰিছে ৷ইয়াৰ পূৰ্বে সাংসদ গৌৰৱ গগৈয়ে পত্ৰ যোগে কেন্দ্ৰীয় চৰকাৰে এই বিষয়টোত হস্তক্ষেপ কৰি ৰাজ্য চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব লাগে বুলিও জনাইছিল ৷তথ্য অনুসৰি চৰকাৰে ভাৰতীয় ৰেলবিভাগক হাতীকেইটা নিব পৰাকৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷ এতিয়ালৈ প্ৰেৰণৰ সঠিক তাৰিখ স্পষ্ট হোৱা নাই ৷
উল্লেখযোগ্য যে, আহমেদাবাদত অনুষ্ঠিত হ'বলগীয়া ৰথ যাত্ৰাৰ বাবে তিনিচুকীয়া পৰা চাৰিটা হাতী ৰে'ল যোগে আহমেদাবাদলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। পূৰ্বে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ হাতী অনা-নিয়া কৰাৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাছিল যদিও 2016 চনত উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ এই নিষেধাজ্ঞা আওকাণ কৰি অসম চৰকাৰে ঘৰচীয়া হাতী আহমেদাবাদলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্তই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।