নেশ্যনেল ডেস্ক, 23 আগষ্ট: দেওবাৰে চতুৰ্থবাৰৰ বাবে 4 খনকৈ মহানগৰত বৃদ্ধি পালে পেট্ৰ'লৰ দাম ৷ কলকাতাত পেট্ৰ'লৰ পূৰ্বৰ মূল্য আছিল 88.01 টকা ৷ যি ইয়াৰ পূৰ্বে বৃদ্ধি পোৱা পেট্ৰ'লৰ মূল্যৰ সমান্তৰালকৈ বৃদ্ধি পাইছিল 88.87 টকালৈ ৷
একেদৰে দিল্লী আৰু মুম্বাইতো দেওবাৰে 14 পইচাকৈ বৃদ্ধি পায় পেট্ৰ'লৰ মূল্য ৷ ইয়াৰ লগতে পূৰ্বৰ 81.49 টকাৰ সলনি সম্প্ৰতি তেলৰ মূল্য বৃদ্ধি পাইছে প্ৰতি লিটাৰত 88.16 টকালৈ ৷ শনিবাৰে চেন্নাইত পৰিবহণ তেলৰ মূল্য বৃদ্ধি পায় 84.52 টকালৈ ৷
অৱশ্যে এই ক্ষেত্ৰত মহানগৰ সমূহত ডিজেলৰ মূল্য সমান ৰূপতে আছে ৷ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ডিজেলৰ মূল্য স্থিৰ হিচাপত আছে ৷ দিল্লী চৰকাৰে 30 জুলাইত মূল্য নিৰ্ধাৰিত কৰত ডিজেলৰ মূল্য 13.25 শতাংশ হ্ৰাস কৰাৰ বিষয়ে ঘোষণা কৰে ৷ যাৰ বাবে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৰাজধানী চহৰখনত 8.36 টকাকৈ হ্ৰাস হয় ৷
ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ডিজেলৰ মূল্য প্ৰতি লিটাৰত 73.56 হোৱাৰ বিপৰীতে, মুম্বাই, চেন্নাই আৰু কলকাতাত ক্ৰমে 80.11 টকা, 78.86 টকা আৰু 77.06 টকা ৷