ETV Bharat / bharat

ধাৰাবাহিকভাৱে তৃতীয় দিনৰ বাবে বৃদ্ধি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য

author img

By

Published : Jun 9, 2020, 3:16 PM IST

Updated : Jun 9, 2020, 8:36 PM IST

বিগত তিনিটা দিনত দেশত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ১.৭৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ১.৭৮ টকাকৈ বৃদ্ধি হৈছে।

Petrol price hiked
Petrol price hiked by 54 paise per litre, diesel by 58 paise

নিউজ ডেস্ক, ৯ জুনঃ তৃতীয় দিনৰ বাবে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ৫৪ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৫৮ পইচাকৈ বৃদ্ধি পায় প্ৰতিলিটাৰ ডিজেলৰ মূল্য। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যৱসায়িক গতি বিধি পুনৰ আৰম্ভ হোৱাত বৃদ্ধি হৈছে খাৰুৱা তেলৰ মূল্য।

Petrol price hiked by 54 paise per litre, diesel by 58 paise
ধাৰাবাহিকভাৱে তৃতীয় দিনৰ বাবে বৃদ্ধি পেট্ৰ'ল আৰু ডিজেলৰ মূল্য

ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য বৃদ্ধি হৈ ৭৩.৪৬ টকাৰ পৰা ৭৩ টকা হয়। একেদৰে চহৰখনত ডিজেলৰ মূল্যও ৭০.৫৯ ৰ পৰা ৭১.১৭ লৈ বৃদ্ধি পায়। তেল বিপণন কোম্পানীসমূহৰ মূল্য অধিসূচনা অনুসৰি বৃদ্ধি হয় পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।

উল্লেখ্য যে, ধাৰাবাহিকভাৱে তৃতীয় দিনৰ বাবে দেশত বৃদ্ধি হৈছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। দেওবাৰ আৰু সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৬০ পইচালৈ বৃদ্ধি হৈছিল। তিনিটা দিনত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ১.৭৪ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ১.৭৮ টকাকৈ বৃদ্ধি হৈছে।

অইল মাৰ্কেটিং কোম্পানী ইণ্ডিয়ান অইল ক'ৰ্পৰেচন (IOC),ভাৰত পেট্ৰ'লিয়াম ক'ৰ্পৰেচন লিমিটেড (BPCL) আৰু হিন্দুস্থান পেট্ৰ'লিয়াম ক'ৰ্পৰেচন লিমিটেড(HPCL)ক ১৪ মাৰ্চত চৰকাৰে দৈনিক মূল্য সংশোধন বন্ধ কৰি দিছিল। লগতে,প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ উৎপাদন শুল্কত ৩ টকাকৈ বৃদ্ধি কৰিছিল।

কোভিড-১৯ৰ সংকটৰ বাবে সমগ্ৰ বিশ্বই একপ্ৰকাৰ স্থবিৰ হৈ পৰাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছিল। এই সময়তেই পুনৰ ৬ মে’ত কেন্দ্ৰীয় চৰকাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ১০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১৩ টকাকৈ উৎপাদন শুল্ক বৃদ্ধি কৰিছিল।

লগতে চাওকঃ ৰহাত শিশুৰ দেহত কৰ’ণা ভাইৰাছ

Last Updated : Jun 9, 2020, 8:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.