ETV Bharat / bharat

প্ৰতিলিটাৰ পেট্ৰ'লত ৪০ পইচা আৰু ডিজেলত ৪৫ পইচাকৈ বৃদ্ধি

অইল মাৰ্কেটিং কোম্পানীসমূহে দেশত চাৰিটা দিনত পেট্ৰ'লত ২.১৪ টকা আৰু ডিজেলত ২.২৩ টকাকৈ বৃদ্ধি কৰিছে।

author img

By

Published : Jun 10, 2020, 12:31 PM IST

পেট্ৰ'ল আৰু ডিজেল
Petrol price hiked by 40 paise per litre, diesel by 45 paise

নিউজ ডেস্ক,১০ জুনঃ বুধবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। ধাৰাবাহিকভাৱে চতুৰ্থ দিনৰ বাবে দেশত বৃদ্ধি হৈছে এই মূল্য। বুধবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ৪০ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৪৫ পইচাকৈ বৃদ্ধি পায় প্ৰতিলিটাৰ ডিজেলৰ মূল্য।

ৰাজধানী দিল্লীত পেট্ৰ'লৰ মূল্য বৃদ্ধি হৈ ৭৩ টকাৰ পৰা ৭৩.৪০ টকা হয়। একেদৰে চহৰখনত ডিজেলৰ মূল্যও ৭১.১৭ ৰ পৰা ৭১.৬২ লৈ বৃদ্ধি পায়। তেল বিপণন কোম্পানীসমূহৰ মূল্য অধিসূচনা অনুসৰি বৃদ্ধি হয় পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। স্থানীয় বিক্ৰী কৰ অথবা ভেটৰ ওপৰত ভিত্তি কৰি সমগ্ৰ দেশতে পেট্ৰ'ল আৰু ডিজেলৰ দাম বৃদ্ধি পাইছে। কিন্তু দেশৰ প্ৰতিখন ৰাজ্যতে এই মূল্য বেলেগ-বেলেগ।

উল্লেখ্য যে, দেওবাৰৰ পৰা অইল মাৰ্কেটিং কোম্পানীসমূহে বৃদ্ধি কৰিছিল পেট্ৰ'ল আৰু ডিজেলৰ মূল্য। দেওবাৰ আৰু সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ৬০ পইচাকৈ, মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত ৫৪ পইচাকৈ বৃদ্ধি পোৱাৰ বিপৰীতে ৫৮ পইচাকৈ বৃদ্ধি পাইছিল প্ৰতিলিটাৰ ডিজেলৰ মূল্য।

চতুৰ্থটো দিনত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য মুঠ ২.১৪ টকা আৰু ডিজেলৰ মূল্য ২.২৩ টকাকৈ বৃদ্ধি পায়।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.