নতুন দিল্লী, 17 এপ্ৰিলঃ কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লক ডাউনৰ সময়সীমা বৃদ্ধি কৰিছিল 3 মে'লৈ ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে কয় যে, খাদ্য সামগ্ৰীৰ নটনি নহয়, সেয়ে ইয়াক লৈ জনতা শংকিত হোৱাৰ প্ৰয়োজন নাই ।
তেওঁ কয় যে, ভাৰতত এতিয়াও পৰ্যাপ্ত পৰিমাণে সামগ্ৰী মজুত আছে । প্ৰধানমন্ত্ৰী আৰু ৰাজ্য়ৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত প্ৰয়োজনীয় লোকসকললৈ খাদ্য সামগ্ৰী যোগান ধৰি থকা হৈছে । লগতে তেওঁ জনতাৰ প্ৰতি আহ্বান জনায় যে, কোনো লোকেই যাতে উৰা বাতৰিক প্ৰশ্ৰয় নিদিয়ে আৰু শংকিত নহয় । ভাৰতে বৰ্তমান COVID-19 আক্ৰান্তৰ ক্ষেত্ৰত 12,000ৰ সীমা অতিক্ৰম কৰিছে,য'ত 420 জনৰ মৃত্যু হৈছে ।