ETV Bharat / bharat

ত্ৰিৰংগা পতাকাৰ লহৰেৰে অভিনন্দনক আদৰিবলৈ সাজু দেশবাসী

ৰাতিপুৱাৰে পৰা সীমান্তত ভিৰ কৰিছে সহস্ৰাধিক জনতাৰ লগতে দেশ-বিদেশৰ একাংশ সাংবাদিকে।

author img

By

Published : Mar 1, 2019, 1:41 PM IST

etv bharat

নিউজ ডেস্ক, 1মাৰ্চ : উইং কামাণ্ডাৰ অভিনন্দনক আদৰণি জনোৱাৰ উদ্দেশ্যে ৱাঘা সীমান্তত উপস্থিত অগণন গুণমুগ্ধ। ৰাতিপুৱাৰে পৰা সীমান্তত ভিৰ কৰিছে সহস্ৰাধিক জনতাৰ লগতে দেশ-বিদেশৰ একাংশ সাংবাদিকে।

abhinandan

পাকিস্তানৰ বন্দীত্বৰ পৰা বৃহস্পতিবাৰে বীৰদৰ্পে ভাৰতলৈ উভতি আহিব বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন। দুপৰীয়াৰ ভাগত ৱাঘা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিব উইং কামাণ্ডাৰ গৰাকীয়ে। ভাৰতৰ MiG- 21 যুদ্ধ বিমানেৰে পাকিস্তানৰ অত্যাধুনিক F-16 যুদ্ধ বিমানেৰে মুকাবিলা কৰি পাকিস্তানী সৈন্যৰ হাতত ধৰা পৰিছিল উইং কামাণ্ডাৰ অভিনন্দন। বুধবাৰে ৰাতিপুৱাৰ ভাৰত পাকিস্তানৰ মাজত হোৱা 'এয়াৰ এটেক'ত পাকিস্তানৰ F-16 যুদ্ধ বিমান সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল উইং কামাণ্ডাৰ অভিনন্দনে। কিন্তু চিৰবৈৰী পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰাৰ অপৰাধতেই পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল বীৰ বৈমানিক গৰাকী। সম্পূৰ্ণ দুটা দিন পাকিস্তানত বন্দী হিচাপে থকাৰ পাচত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বৃহস্পতিবাৰে ঘোষণা কৰে অভিনন্দনৰ মুক্তিৰ কথা। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ হেঁচাৰ ফলতেই উইং কামাণ্ডাৰগৰাকীক মুকলি কৰি দিবলৈ বাধ্য হৈছে পাকিস্তান।

জেনেভা কনভেন্সনৰ নিয়ম অনুসৰি বন্দীত্বৰ কালত পাকিস্তানে কোনোধৰণৰ শাৰীৰিক-মানসিক অত্যাচাৰ কৰা নাই ভাৰতীয় উইং কামাণ্ডাৰজনক। উইং কামাণ্ডাৰজনৰ মুকলিৰ বাৰ্তাই সুখৰ বন্যা বিয়পাইছে সমগ্ৰ দেশতেই।

Intro:Body:

ত্ৰিৰংগা পতাকাৰ লহৰেৰে অভিনন্দনক আদৰিবলৈ সাজু দেশবাসী

নিউজ ডেস্ক, 1মাৰ্চ : উইং কামাণ্ডাৰ অভিনন্দনক আদৰণি জনোৱাৰ উদ্দেশ্যে ৱাঘা সীমান্তত উপস্থিত অগণন গুণমুগ্ধ। ৰাতিপুৱাৰে পৰা সীমান্তত ভিৰ কৰিছে সহস্ৰাধিক জনতাৰ লগতে দেশ-বিদেশৰ একাংশ সাংবাদিকে।

পাকিস্তানৰ বন্দীত্বৰ পৰা বৃহস্পতিবাৰে বীৰদৰ্পে ভাৰতলৈ উভতি আহিব বায়ুসেনাৰ উইং কামাণ্ডাৰ অভিনন্দন। দুপৰীয়াৰ ভাগত ৱাঘা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিব উইং কামাণ্ডাৰ গৰাকীয়ে। ভাৰতৰ MiG- 21 যুদ্ধ বিমানেৰে পাকিস্তানৰ অত্যাধুনিক F-16 যুদ্ধ বিমানেৰে মুকাবিলা কৰি পাকিস্তানী সৈন্যৰ হাতত ধৰা পৰিছিল উইং কামাণ্ডাৰ অভিনন্দন। বুধবাৰে ৰাতিপুৱাৰ ভাৰত পাকিস্তানৰ মাজত হোৱা 'এয়াৰ এটেক'ত পাকিস্তানৰ  F-16 যুদ্ধ বিমান সম্পূৰ্ণৰূপে ধ্বংস কৰিছিল উইং কামাণ্ডাৰ অভিনন্দনে। কিন্তু চিৰবৈৰী পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰাৰ অপৰাধতেই পাকিস্তানী সেনাৰ হাতত বন্দী হৈছিল বীৰ বৈমানিক গৰাকী ।  সম্পূৰ্ণ দুটা দিন পাকিস্তানত বন্দী হিচাপে থকাৰ পাচত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বৃহস্পতিবাৰে ঘোষণা কৰে অভিনন্দনৰ মুক্তিৰ কথা। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ হেঁচাৰ ফলতেই উইং কামাণ্ডাৰগৰাকীক মুকলি কৰি দিবলৈ বাধ্য হৈছে পাকিস্তান।

জেনেভা কনভেন্সনৰ নিয়ম অনুসৰি বন্দীত্বৰ কালত পাকিস্তানে কোনোধৰণৰ শাৰীৰিক-মানসিক অত্যাচাৰ কৰা নাই ভাৰতীয় উইং কামাণ্ডাৰজনক। উইং কামাণ্ডাৰজনৰ মুকলিৰ বাৰ্তাই সুখৰ বন্যা বিয়পাইছে সমগ্ৰ দেশতেই।

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.