ETV Bharat / bharat

ডাটা সুৰক্ষা বিধেয়ক পেনেলৰ আগত উপস্থিত গুগল, পেটিএমৰ প্ৰতিনিধি

author img

By

Published : Oct 30, 2020, 9:41 AM IST

পেটিএম আৰু গুগলৰ প্ৰতিনিধিয়ে কেন্দ্ৰীয় চৰকাৰৰ ব্যক্তিগত ডাটা সুৰক্ষা বিধেয়কৰ যুটীয়া সংসদীয় কমিটীৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰে ৷ আগন্তুক সপ্তাহত কমিটীয়ে আলোচনাৰ বাবে মাতিব ৰিলায়েন্স জিঅ', ভাৰতী এয়াৰটেল, অলা আৰু উবেৰৰ প্ৰতিনিধিক ৷

ডাটা সুৰক্ষা বিধেয়ক পেনেলৰ আগত উপস্থিত গুগল, পেটিএমৰ প্ৰতিনিধি
ডাটা সুৰক্ষা বিধেয়ক পেনেলৰ আগত উপস্থিত গুগল, পেটিএমৰ প্ৰতিনিধি

নিউজ ডেস্ক, 30 অক্টোবৰ : ব্যক্তিগত ডাটা সুৰক্ষা বিধেয়ক, 2019 সন্দৰ্ভত সংসদীয় যুটীয়া কমিটীৰ পেনেলৰ সৈতে আলোচনাত মিলিত হয় গুগল আৰু পেটিএমৰ প্ৰতিনিধি ৷ বিধেয়কখনৰ সন্দৰ্ভত বিভিন্ন দিশ আলোচনাৰ বাবে দুয়োটা শীৰ্ষ বহুজাতিক কোম্পানীৰ প্ৰতিনিধিয়ে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিক সাক্ষাৎ কৰে ৷

গ্ৰাহকৰ ব্যক্তিগত তথ্যৰ সুৰক্ষা সন্দৰ্ভত এইসমূহ কোম্পানীৰ পৰা যুটীয়া সংসদীয় কমিটীয়ে বিভিন্ন দিশ পৰ্যালোচনা কৰে ৷ অহা সপ্তাহত একেই বিষয় সন্দৰ্ভত কমিটীয়ে ৰিলায়েন্স জিঅ', এয়াৰটেল, অলা আৰু উবেৰৰ সৈতেও বৈঠকত মিলিত হ'ব ৷

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, 4 নৱেম্বৰত ৰিলায়েন্স জিঅ'ৰ প্ৰতিনিধিক যুটীয়া সংসদীয় কমিটীৰ আগত উপস্থিত হ'বলৈ কোৱা হৈছে ৷ অলা আৰু উবেৰক 5 নৱেম্বৰত আৰু এয়াৰটেল তথা ট্ৰুকলাৰক 6 নৱেম্বৰত কমিটীৰ আগত উপস্থিত হ'বলৈ কোৱা হৈছে ৷

ইয়াৰ পূৰ্বে টুইটাৰ, ফেচবুক আৰু এমাজনৰ প্ৰতিনিধিয়ে তেওঁলোকৰ প্ৰতিবেদন যুটীয়া কমিটীক প্ৰদান কৰিছে ৷

বিজেপিৰ সাংসদ মীনাক্ষী লেখীৰ নেতৃত্বত থকা যুটীয়া কমিটীত চৰকাৰৰ লগতে বহুজাতিক কোম্পানীৰ প্ৰতিনিধি আছে ৷ এই কমিটীয়ে ব্যক্তিগত সুৰক্ষা বিধেয়ক, 2019ৰ ওপৰত বিশদভাৱে আলোচনাৰ পিচতেই ইয়াক সদনত উত্থাপন কৰিব ৷

লগতে পঢ়ক : ডাটা সুৰক্ষা বিধেয়কক লৈ গুগুল টুইটাৰক চমণ বিধেয়ক পেনেলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.