ETV Bharat / bharat

কৰ'ণা ভাইৰাছৰ প্ৰথমটো আয়ুৰ্বেদিক ঔষধ মুকলি পতঞ্জলিৰ

দেশবাসীৰ বাবে সুঃখবৰ । মঙলবাৰে পতঞ্জলিয়ে মুকলি কৰিছে COVID-১৯ ৰ প্ৰথমটো আয়ুৰ্বেদিক ঔষধ "কৰ'নিল" । আয়ুৰ্বেদিক কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দাবী এই ঔষধৰ দ্বাৰা, 5 ৰ পৰা 14 দিনৰ ভিতৰতেই COVID-১৯ ৰ পৰা আৰোগ্য় লাভ কৰিব পৰা যাব ।

author img

By

Published : Jun 23, 2020, 3:11 PM IST

Patanjali to launch ayurvedic medicine for coronavirus today

নিউজ ডেস্ক, 23 জুনঃ দেশবাসীৰ বাবে ডাঙৰ খবৰ । প্ৰথমবাৰৰ বাবে কৰ'ণা ভাইৰাছৰ আয়ুৰ্বেদিক ঔষধ মুকলি ভাৰতৰ প্ৰসিদ্ধ আয়ুৰ্বেদিক কোম্পানী পতঞ্জলিৰ । মঙলবাৰে হাৰিদুৱাৰৰ পতঞ্জলি যোগপীঠত দিনৰ 1 বজাত মুকলি কৰা হয় "কৰ'নিল" নামৰ প্ৰথমটো আয়ুৰ্বেদিক ঔষধৰ ।

সোমবাৰে পতঞ্জলিৰ মুখ্য কাৰ্যবাহী বিষয়া আচাৰ্য বালকৃষ্ণই টুইট কৰি কৰ'ণা ভাইৰাছৰ প্ৰথমটো সৰ্বাধিক প্ৰমাণভিত্তিক আয়ুৰ্বেদিক ঔষধ #স্বাচাৰি_ভাটি, #কৰ'নিলৰ উদ্বোধন মঙলবাৰে 12 টা বজাত কৰা হ'ব জানিবলৈ দিছিল ।

ইয়াৰ পূৰ্বে প্ৰতিষ্ঠানটোৰ কাৰ্যবাহী আচাৰ্য বালকৃষ্ণই এই ঔষধৰ নিয়মিত সেৱনৰ পাচত 5 ৰ পৰা 14 দিনৰ ভিতৰতেই COVID-১৯ ৰ পৰা আৰোগ্য লাভ কৰিব পৰা যাব বুলি দাবী উত্থাপন কৰিছিল ।

আচাৰ্য বালকৃষ্ণৰ টুইট
আচাৰ্য বালকৃষ্ণৰ টুইট

তেওঁ কৈছিল, COVID-১৯ প্ৰাদুৰ্ভাৱৰ পাচত আমি বিজ্ঞানীৰ এটি দল নিযুক্ত কৰিছিলো । তাৰ পাচতেই বহু গৱেষণাৰ পাচত 100 গৰাকী COVID-১৯ ৰোগীৰ ক্লিনিকেল কেছ ষ্টাডি কৰি এশ শতাংশই অনুকূল ফলাফল পাবলৈ সক্ষম হৈছিলো । আমাৰ ঔষধ সেৱন কৰাৰ পাচতেই 5 ৰ পৰা 14 দিনৰ ভিতৰত COVID-১৯ ৰ ফলাফল নিগেটিভ পোৱা গৈছিল । 4-5 দিনৰ ভিতৰতেই তথ্য়, প্ৰমাণ সমূহ মুকলি কৰা হ'ব ।

আনহাতে যোগ কৰি নিজকে সুস্থ ৰাখি উপযুক্ত খাদ্য-প্ৰণালীৰে প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰিব পাৰি বুলিও কয় বালকৃষ্ণই । এই মুকলি অনুষ্ঠানত গৱেষক, বিজ্ঞানী, চিকিৎসক সকলো উপস্থিত থকাৰ লগতে যোগ গুৰু বাবা ৰামদেৱও উপস্থিত থকাৰ কথা জানিব পৰা যায় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.