ETV Bharat / bharat

শনিবাৰে পুৱা দিল্লীৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ

author img

By

Published : Jan 2, 2021, 3:28 PM IST

শীতৰ পুৱা দিল্লীত পাতলীয়া বৃষ্টিপাত । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পূৰ্বে হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ কেইবাটাও স্থানত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছিল ।

শীতৰ পুৱা দিল্লীত পাতলীয়া বৃষ্টিপাত
শীতৰ পুৱা দিল্লীত পাতলীয়া বৃষ্টিপাত

নেশ্যনেল ডেস্ক, ২ জানুৱাৰী: ক্ৰমাৎ শীতৰ প্ৰকোপ বৃদ্ধি পাইছে উত্তৰ ভাৰতত । শনিবাৰে পুৱা দিল্লীৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ হয় । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, ডাৱৰীয়া বতৰ, নিশাৰ তাপমাত্ৰা বৃদ্ধিৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে দিল্লীসহ উত্তৰ-পশ্চিম ভাৰতত । পালমত বৃষ্টিপাতৰ মাত্ৰা ০.৪ মিলিমিটাৰ পঞ্জীয়ন কৰা হৈছে । দিল্লীৰ ৰিজ, আয়ানগৰ, লোডী ৰোডতো বৃষ্টিপাত হৈছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে পুৱা ৮ বজাত টুইটযোগে প্ৰকাশ কৰে যে, ৰেৱাৰী, ভিৱাৰী, মানশ্বেৰ, গুৰুগ্ৰাম, ফাৰুখনগৰ, ছোনীপট, গন্নুৰ, ডীগ, মথুৰা, হাথৰস, ভৰতপুৰ, হন্সি, তোছম, জিন্দ, ছাফ'ডন, পানীপট, কাৰ্ণল, ছামেলী, কাথিয়াল, নৰৱানা, নৰ্ণাউল আৰু দক্ষিণ, দক্ষিণ-পশ্চিম দিল্লীৰ কেইবাটাও স্থানত আগন্তুক ২ ঘণ্টাত বজ্ৰপাত আৰু বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে । গাজীপুৰ সীমান্তত পাতলীয়া বৰষুণ হৈছে ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত শুক্ৰবাৰে আবেলি ৫.৩০ বজাৰ পৰা শনিবাৰে পুৱা ৫.৩০ বজালৈকে ডাঠ কুঁৱলীৰ আচ্ছাদন থকাৰ কথা প্ৰকাশ কৰিছে । অমৃতসৰ, বেৰেইলী, পাতিয়ালা আৰু অম্বালাত ২৫ মিটাৰ, গয়া আৰু কৰ্ণালত ৫০ মিটাৰ আৰু গংগানগৰ, হিছাৰ, আলীগড় আৰু গোৱালিয়ৰত ২০০ মিটাৰ ভিজিবিলিটি পঞ্জীয়ন কৰা হৈছে । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পূৰ্বে হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু দিল্লীৰ কেইবাটাও স্থানত বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকট কৰিছিল ।

লগতে পঢ়ক:সমগ্ৰ দেশত বিনামূলীয়াকৈ উপলব্ধ হ'ব ক'ৰণা প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.