ETV Bharat / bharat

উৰাবাতৰিৰ বাবেহে ঘটিছিল পালঘৰৰ গণহত্যাৰ ঘটনা

author img

By

Published : Jul 17, 2020, 8:46 AM IST

মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হোৱা শিহৰণকাৰী গণহত্যাৰ ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দিলে ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল দেশমুখে ৷ উৰাবাতৰিৰ বাবেই উক্ত নিশা সংঘটিত হৈছিল সেই নিৰ্মম গণহত্যা ৷

Rumours killed victims, says Maharashtra Home Minister
সাম্প্ৰদায়িকতা নহয় উৰাবাতৰিৰ বাবে ঘটিছিল পালঘৰৰ গণহত্যাৰ ঘটনা

নিউজ ডেস্ক, 17 জুলাই : চলিত বৰ্ষৰ 16 এপ্ৰিলৰ নিশা মহাৰাষ্ট্ৰৰ পালঘৰত সংঘটিত হোৱা গণহত্যাৰ ঘটনাক উৰাবাতৰিৰ ফলত সংঘটিত হোৱা ঘটনা বুলি স্পষ্ট কৰিলে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে ৷ লগতে এই ঘটনাক একাংশ বিৰোধী দলৰ সদস্যই সাম্প্ৰদায়িকতাৰ ৰহণ দিবলৈ চেষ্টা কৰা বুলি উল্লেখ কৰে গৃহমন্ত্ৰী গৰাকীয়ে ৷ সেই সকলৰ বিৰোধী নেতীক তীব্ৰ ভাষাৰে সমালোচনা কৰি উক্ত ঘটনাৰ আঁৰত কোনো সাম্প্ৰদায়িকতাৰ প্ৰভাৱ নাই বুলি স্পষ্ট কৰিলে গৃহমন্ত্ৰী অনিল দেশমুখে ৷ উল্লেখ্য যে, উক্ত ঘটনাৰ তদন্তৰ বাবে দায়িত্ব অৰ্পণ কৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে দাখিল কৰিছে অভিযোগ নামা ৷ এই অভিযোগ নামাত উক্ত ঘটনা উৰাবাতৰিৰ ফলতে সংঘটিত হোৱা বুলি উল্লেখ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা (CBI) য়ে ৷

উল্লেখ্য যে, 16 এপ্ৰিলৰ নিশা এক মৃতদেহ সৎকাৰৰ বাবে মুম্বাইৰ পৰা গুজৰাটৰ চুৰাট অভিমুখে গৈ থকাৰ সময়তে সোপাধৰা অথবা বুলি ডকাইত বুলি ভাবি মহাৰাষ্ট্ৰৰ পালঘৰত স্থানীয় ৰাইজে মৰিয়াই মৰিয়াই হত্যা কৰিছিল দুজন সাধু সহ এজন গাড়ী চালকক ৷ উক্ত ঘটনাত মৃত্যু হৈছিল কল্পবিকাশগিৰি মহাৰাজ(70), সুশীলগিৰি মহাৰাজ(35), আৰু গাড়ী চালক নিলেশ তালগিদে(30)ৰ ৷ এই ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে উক্ত ঘটনাত সাম্প্ৰদায়িক কাৰণ জড়িত হৈ আছে বুলি দাবী কৰিছিল একাংশ বিৰোধী দলে ৷ অৱশেষত উক্ত ঘটনা কোনোধৰণৰ সাম্প্ৰদায়িকতা ঘটনা নহয় বুলি স্পষ্ট কৰিলে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ৷

উল্লেখনীয় যে, উক্ত গণহত্যাৰ ঘটনাত জড়িত থকাৰ অভিযোগত 808 জন অভিযুক্তক সোধপোচ কৰিছিল আৰক্ষীয়ে ৷ লগতে 118 জন সাক্ষীৰ উপযুক্ত তথ্য আৰু প্ৰমাণৰ আধাৰত 154 জন লোকক আটক কৰি গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ ইয়াৰ উপৰিও উক্ত ঘটনাত জড়িত থকাৰ অভিযোগত 11 জনকৈ নাবালককো আটক কৰিছে আৰক্ষীয়ে ৷ পৰৱৰ্তী সময়তে ন্যায়ালয়ে ঘটনা সন্দৰ্ভত ৰায়দান কৰিব বুলি প্ৰকাশ কৰিছে ৰাজ্যখনৰ গৃহমন্ত্ৰী অনিল দেশমুখে ৷

লগতে পঢ়কঃ প্ৰাচীন তামিল গ্ৰন্থ 'তিৰুক্কুৰল' পঢ়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মক জনালে আহ্বান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.