ETV Bharat / bharat

সন্ধান পোৱা গ'ল পাকিস্তানৰ পৰা অহা গুপ্তচৰ পাৰ চৰাইৰ গৰাকীৰ ! - কাথুৱাত পাকিস্তানী গুপ্তচৰ পাৰ শেহতীয়া বাতৰি

হাবিবুল্লাই পাৰ চৰাইৰ প্ৰতি তেখেতৰ আৱেগ থকা বুলি ব্যক্ত কৰে । ইয়াৰোপৰি তেখেতৰ পাৰ চৰাইসমূহৰ ভৰিত তেখেতে নিজেই আঙুঠি পিন্ধাই দিয়ে বুলি জনায় । হাবিবুল্লাৰ ঘৰ ভাৰতীয় সীমান্তৰ পৰা মাত্ৰ 8 কিলোমিটাৰ নিলগত । লোকজনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সম্পূৰ্ণ নীতি-নিয়ম আৰু সন্মানসহকাৰে তেখেতৰ পোহনীয়া পাৰ চৰাইটো ওভটাই দিয়াৰ বাবে আহ্বান জনায় ।

Pakistani villager claims to be owner of spy pigeon captured by locals in Kathua
জম্মু-কাশ্মীৰত আটক কৰা পাকিস্তানী গুপ্তচৰ পাৰ চৰাইৰ ওলাল গৰাকী
author img

By

Published : May 28, 2020, 3:00 PM IST

নেশ্যনেল ডেক্স,28 মেঃ বিগত 25 মে'ত জম্মু-কাশ্মীৰৰ কাথুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সন্দেহযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত পাৰ চৰাই আটক কৰা হৈছিল । পাকিস্তানৰ বাগ্গা-ছাকাৰগড় গাঁৱৰ বাসিন্দা হাবিবুল্লাই নিজকে পাৰ চৰাইটোৰ গৰাকী বুলি দাবী কৰিছে । পাকিস্তানৰ সংবাদপত্ৰ THE DAWN সাংবাদিকক লোকজনে কয় যে, 'হয় এইটো মোৰ পোহনীয়া পাৰ চৰাই আৰু ই কেতিয়াও গুপ্তচৰ বা সন্ত্ৰাসবাদী হ'ব নোৱাৰে ।' আনহাতে, পাৰটোৰ লগৰ দ্বিতীয়তো পাৰ চৰাই এতিয়াও ব্যক্তিজনৰ সৈতে আছে ।

হাবিবুল্লাই পাৰ চৰাইৰ প্ৰতি তেখেতৰ আৱেগ থকা বুলি ব্যক্ত কৰে । ইয়াৰোপৰি তেখেতৰ পাৰ চৰাইসমূহৰ ভৰিত তেখেতে নিজেই আঙুঠি পিন্ধাই দিয়ে বুলি জনায় । হাবিবুল্লাৰ ঘৰ ভাৰতীয় সীমান্তৰ পৰা মাত্ৰ 8 কিলোমিটাৰ নিলগত । লোকজনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সম্পূৰ্ণ নীতি-নিয়ম আৰু সন্মানসহকাৰে তেখেতৰ পোহনীয়া পাৰ চৰাইটো ওভটাই দিয়াৰ বাবে আহ্বান জনায় ।

উল্লেখ্য যে, 25 মে'ত জম্মু-কাশ্মীৰৰ কাথুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সন্দেহযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত পাকিস্তনী পাৰ চৰাইটো আটক কৰা হৈছিল । দেহত গোপন বাৰ্তা লিখা থকা পাৰ চৰাইটোক পাকিস্তানৰ দিশৰ পৰা উৰি অহাৰ পিছতে মনয়াৰী গাঁৱৰ হৰিনগৰ চেক্টৰত বন্দী কৰা হয় । সুৰক্ষা সংস্থাই পাৰ চৰাইটোৰ গাত থকা গোপন বাৰ্তাটো বুজাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । পাৰ চৰাইটোৰ এখন ভৰিত এটা আঙুঠিত কিছুমান নম্বৰ লিখিত আছে বুলি জানিবলৈ দিছিল কাথুৱাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শৈলেন্দ্ৰ মিশ্ৰই ।

লগতে পঢ়ক- জম্মু-কাশ্মীৰত আটক পাকিস্তানী গুপ্তচৰ পাৰ চৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.