নিউজ ডেস্ক,19 মে': জম্মু-কাশ্মীৰৰ পুন্স জিলাত সোমবাৰে পুনৰ যুদ্ধ বিৰতি উলংঘা কৰে পাকিস্তানী সেনাই । সন্ধিয়া প্ৰায় 7 বজাত LoC ৰ গোলপুৰ চেক্টৰলৈ বুলি গোলাবৰ্ষণ কৰে পাক সেনাই । প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ কৰ্ণেল দেৱেন্দৰ আনন্দে পাকিস্তানৰ এই যুদ্ধবিৰতি উলংঘাৰ কথা প্ৰকাশ কৰে ।
পাকিস্তানে লঘু অস্ত্ৰৰ লগতে মৰ্টাৰেৰে গোলাবৰ্ষণ কৰে । ইয়াৰ প্ৰত্যুত্তৰত ভাৰতেও গোলাবৰ্ষণ কৰে সীমান্তত । এইবৰ্ষৰ জানুৱাৰীৰ পৰাই জম্মু-কাশ্মীৰৰ LoCত কেইবাবাৰো যুদ্ধবিৰতি উলংঘা কৰি আহিছে পাকিস্তানে । ভাৰতীয় সেনা বিষয়াৰ মতে, ভাৰতলৈ পাকিস্তানী সন্ত্ৰাসবাদী প্ৰেৰণৰ উদ্দেশ্যেৰে সীমান্তত এইদৰে গোলাবৰ্ষণ কৰিছে পাকিস্তানে ।