ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ নাউগাম চেক্তৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ১০ জুনলৈকে পাকিস্তানে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত মুঠ ২,০২৭ বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে । পাকিস্তানৰ এই আক্ৰমনত বিগত দুটা সপ্তাহত ৰাজৌৰি আৰু পুঞ্চ চেক্তৰত তিনিজন ভাৰতীয় সেনা জোৱান নিহত হৈছে।

 যুদ্ধবিৰতি উলংঘন
Pakistan violates ceasefire along LoC in Jammu-Kashmir's Naugam sector
author img

By

Published : Jun 17, 2020, 7:07 PM IST

নিউজ ডেস্ক, ১৭ জুনঃ জম্মু-কাশ্মীৰৰ নাউগাম চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখাত পুনৰ যুদ্ধবিৰতি উলংঘন চিৰবৈৰী পাকিস্তানৰ । ভাৰতীয় সেনাক উদ্দেশ্যি মৰ্টাৰেৰে আক্ৰমণ কৰে পাক সেনাই । ভাৰতীয় সেনাৰ মুখপাত্ৰই বুধবাৰে প্ৰকাশ কৰে এই তথ্য।

Pakistan violates ceasefire along LoC in Jammu-Kashmir's Naugam sector
জম্মু-কাশ্মীৰৰ নাউগাম চেক্তৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ

সেনাৰ মুখপাত্ৰই উল্লেখ কৰা অনুসৰি, চলিত বৰ্ষৰ ১৬ জুনতো পাকিস্তানে নাউগাম চেক্তৰৰ নিয়ন্ত্ৰণ ৰেখাত যুদ্ধবিৰতি উলংঘন কৰিছিল। আন আন অস্ত্ৰৰ লগতে মৰ্টাৰেৰে ভাৰতক উদ্দেশ্যি গুলীবৰ্ষণ কৰিছিল পাকিস্তানে। কিন্তু ভাৰতীয় সেনাইও এই যুদ্ধবিৰতি উলংঘনৰ উচিত প্ৰত্যুত্তৰ দিছিল পাকিস্তানক। সেই আক্ৰমন-প্ৰত্যাক্ৰমনৰ ঘটনাত কোনো হতাহত হোৱা নাই বুলি সেনাৰ সূত্ৰই প্ৰকাশ কৰে।

বিগত কেইবাসপ্তাহ ধৰি ধাৰাবাহিকভাৱে জম্মু-কাশ্মীৰৰ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত পাক সেনাই ভাৰতীয় সেনাৰ লগতে সমীপৱৰ্তী গাঁৱসমূহক উদ্দেশ্যি আক্ৰমন চলাই আছে । ইয়াৰ উপৰি কাশ্মীৰৰ টানঘধৰ, উৰি আৰু জম্মু ৰাজৌৰি আৰু পুঞ্চ চেক্তৰত অবিৰতভাৱে যুদ্ধবিৰতি উলংঘন কৰি আছে পাকিস্তানে ।

উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ১০ জুনলৈকে পাকিস্তানে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত মুঠ ২,০২৭ বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে। পাকিস্তানৰ এই আক্ৰমণত বিগত দুটা সপ্তাহত ৰাজৌৰি আৰু পুঞ্চ চেক্তৰত তিনিজন ভাৰতীয় সেনা জোৱান নিহত হৈছে।

লগতে চাওকঃ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুকলি তৃতীয়টো Covid 19 পৰীক্ষাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.