নিউজ ডেস্ক, 23 অক্টোবৰ: "বিগত 30 বছৰ ধৰি পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদক বিশ্বৰ সংবাদ মাধ্যমে সম্পূৰ্ণৰূপে অৱহেলা কৰি আহিছে", এই মন্তব্য এজন ভাৰতীয় সাংবাদিকৰ ৷ তেওঁ কাশ্মীৰৰ মানৱ অধিকাৰ বিষয়ত আলোচনা কৰা আমেৰিকাৰ সমিতিক সাক্ষ্য দিছিল ৷ ভাৰতীয় সাংবাদিকগৰাকীয়ে আমেৰিকাৰ কংগ্ৰেছ ভৱনত কাশ্মীৰৰ মানৱ অধিকাৰ বিষয়ক প্ৰতিবেদনত দাখিল কৰা সময়ত তেখেতৰ নিৰপেক্ষতাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে এগৰাকী মহিলা সাংসদে ৷ আমেৰিকাৰ আইন প্ৰণেতা ইলহান ওমৰৰ সমালোচনাৰ পাছত কাশ্মীৰ সন্দৰ্ভত সাক্ষ্য দিবলৈ নিমন্ত্ৰণ ক্ৰমে আমেৰিকা অহা আৰটি টিকো সিংহয়ে অভিযোগ উত্থাপন কৰে যে তেখেতৰ লগত কংগ্ৰেছে অন্যায় কৰিছে লগতে কংগ্ৰেছৰ শুনানি পূৰ্ব নিৰ্ধাৰিত,পক্ষপাতমূলক আৰু ভাৰত বিৰোধী আৰু পাকিস্তান সমৰ্থিত ৷ বিগত 30 বছৰে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদক বিশ্ব সংবাদ মাধ্যমৰ দ্বাৰা সম্পূৰ্ণৰূপে অৱহেলিত হৈ আহিছে ৷ আৰটি টিকো সিংহয়ে কয় যে বিশ্বৰ কোনো মানৱ অধিকাৰ কৰ্মী বা সংবাদ মাধ্যম নাই যি পাকিস্তান প্ৰৰোচিত সন্ত্ৰাসবাদৰ দ্বাৰা পীড়িত লোকৰ কথা দাঙি ধৰা বা তাৰ ওপৰত লিখাৰ দায়িত্ববোধ কৰে ৷
ইয়াৰ বিপৰীতে সাংবাদিকগৰাকীক আক্ৰমণ কৰি আইন প্ৰণেতা ইলহান ওমৰে কয় সংবাদ মাধ্যমৰ মূল্য অতি নিম্নমানৰ হয় যেতিয়া সংবাদ মাধ্যমে চৰকাৰৰ মুখপাত্ৰ হিচাপে কাম কৰে ৷ সিংহয়ে এছিয়া,প্ৰশান্ত মহাসাগৰীয়ও গৃহ বৈদেশিক পৰিক্ৰমাৰ উপ সমিতিৰ অধ্যক্ষ তথা সাংসদ ব্ৰেড সৰমানক কয় যে," এয়া অতিকৈ অনুচিত ৷" কিন্তু কংগ্ৰেছৰ দুগৰাকী মুছলিম সদস্যৰ এজন ওমৰে ভাৰতীয় সাংবাদিকগৰাকীক কোৱাৰ সুযোগ নিদি কয় যে সিংহয়ে ঘটনাটো সম্পূৰ্ণৰূপে চৰকাৰী পক্ষমতে উপস্থাপন কৰিছে ৷ ওমৰে পুনৰ কয়, "টাইমছ অৱ ইণ্ডিয়াৰ প্ৰশিক্ষিত সাংবাদিক হিচাপে সাংবাদিকৰ কৰ্তব্য হৈছে যিকোনো এটা ঘটনাৰ কি ঘটিছে ঘটনাটোৰ কাৰণ জনসাধাৰণক অৱগত কৰা ৷ টাইমছ অৱ ইণ্ডিয়াৰ যথেষ্ট পঢুৱৈ আছে আৰু সেই হিচাপে এই বিষয়ত সত্যটো দাঙি ধৰাৰ যথেষ্ট দায়িত্বও আছে ৷ মই বিষয়েও জ্ঞাত যে কেনেদৰে এজনে সাংবাদিকে এটা ঘটনাক বিকৃত ৰূপ দি সত্যৰ পৰা আতৰাই ৰাখিব পাৰে আৰু কেনেদৰে কেৱল চৰকাৰী পক্ষটো প্ৰচাৰ কৰি প্ৰকৃত সত্য জনাৰ পৰা বঞ্চিত কৰি ৰাখিব পাৰে ৷" ওমৰে পুনৰ কয় যে কাশ্মীৰৰ বিশেষ ৰাজ্যৰ অধিকাৰ কৰ্তন কৰা বা চৰকাৰখন ভাঙি দিয়াটো যদি কাশ্মীৰৰ জনসাধাৰণৰ স্বাৰ্থত হ'লহেতেন তেন্তে এই সমগ্ৰ প্ৰক্ৰিয়া চৰকাৰে আঁৰত ৰাখি নীৰৱে নকৰিলেহেতেন ৷"
শেষত ভাৰতীয় সাংবাদিক সিংহয়ে দি কয় যে," কাশ্মীৰত মৃত্যু হোৱা মুছলিমৰ ভিতৰত কাশ্মীৰৰ মুছলিমৰ সংখ্যা বহুত বেছি আৰু সেইসকল সন্ত্ৰাসবাদী সমৰ্থিত পাকিস্তানৰ ভুক্তভোগী ৷"