নিউজ ডেস্ক, 23 ফেব্ৰুৱাৰী : ভাৰতৰ বহু নিষিদ্বঘোষিত সংগঠনক সহায় কৰি আহিছে পাকিস্তানে । শুকুৰবাৰে ভাৰতৰ গৃহ মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে এই তথ্য । প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি পাকিস্তানত এতিয়াও বহুকেইটা বেআইনী সংগঠন সক্ৰিয় হৈ থকাৰ লগতে দেশখন ক্ৰমশঃ সন্ত্ৰাসবাদীৰ ঘাটিলৈ পৰিণত হৈছে ।
গৃহ মন্ত্ৰণালয়ৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ভাৰতৰ প্ৰায় ৪১ টাকৈ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনক পাকিস্তানে সহায় কৰি আহিছে ।