ETV Bharat / bharat

ত্ৰিপুৰাৰ হোজাগিৰি নৃত্যশিল্পী সত্যৰাম ৰিয়াঙলৈ পদ্মশ্ৰী বঁটা - Hojagiri

Padma awardee Satyram Reang gives Hojagiri a new height
ত্ৰিপুৰাৰ হোজাগিৰি নৃত্যশিল্পী সত্যৰাম ৰিয়াঙলৈ পদ্মশ্ৰী বঁটা
author img

By

Published : Jan 27, 2021, 5:32 PM IST

Updated : Jan 27, 2021, 5:46 PM IST

16:18 January 27

সদ্যঘোষিত দেশৰ সৰ্বোচ্চ অসামৰিক পুৰস্কাৰৰ ভিতৰত অন্যতম পদ্মশ্ৰী বঁটা লাভ কৰিছে ত্ৰিপুৰাৰ হোজাগিৰি নৃত্যশিল্পী সত্যৰাম ৰিয়াঙে ৷ পদ্মশ্ৰীপ্ৰাপ্ত প্ৰবীণ হোজাগিৰি নৃত্যশিল্পীগৰাকীৰ ঘৰত এতিয়া তেখেতক অভিনন্দন জনোৱাৰ উদ্দেশ্যৰে বহু লোকৰ আগমন ঘটা পৰিলক্ষিত হৈছে ৷

আগৰতলা, 27 জানুৱাৰী: ধাননি পথাৰেৰে আগুৰি থকা দক্ষিণ ত্ৰিপুৰা জিলাৰ শান্তিৰবজাৰ মহকুমাৰ এখন সৰু গাঁও দশমী ৰিয়াং পাৰা এতিয়া সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ এই আকৰ্ষণৰ মূল কাৰণ হৈছে সদ্যঘোষিত দেশৰ সৰ্বোচ্চ অসামৰিক পুৰস্কাৰৰ ভিতৰত অন্যতম পদ্মশ্ৰীৰে পুৰস্কৃত সত্যৰাম ৰিয়াং ৷  শান্তিৰবজাৰ নামৰ সৰু চহৰৰ পৰা কিছু কিলোমিটাৰ নিলগত অৱস্থিত পদ্মশ্ৰীপ্ৰাপ্ত প্ৰবীণ হোজাগিৰি নৃত্যশিল্পীগৰাকীৰ ঘৰত এতিয়া তেখেতক অভিনন্দন জনোৱাৰ উদ্দেশ্যৰে বহু লোকৰ আগমন ঘটিছে ৷  

চলিত বৰ্ষত ৰিয়াঙক দেশৰ সৰ্বোচ্চ অসামৰিক পুৰস্কাৰৰ অন্যতম সন্মানীয় পদ্মশ্ৰীৰে পুৰস্কৃত কৰা হৈছিল। পুৰস্কাৰটো ত্ৰিপুৰাৰ ৰিয়াং সম্প্ৰদায়ৰ স্বাক্ষৰ নৃত্য হোজাগিৰি নৃত্যৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে প্ৰদান কৰা হৈছিল ৷  

এটা সময়ছোৱাত এগৰাকী প্ৰসিদ্ধ নৃত্যশিল্পী পৰিচিত ৰিয়াঙে বৃদ্ধ বয়সত বাধ্যকতাজনিত ৰোগৰ বাবে নৃত্য এৰিবলগীয়া হৈছিল ৷ ২০১১ চনত ৰিয়াঙে এটা মিনি ব্ৰেইন ষ্ট্ৰোকৰ সন্মুখীন হৈছিল আৰু তেতিয়াৰ পৰা তেওঁ নৃত্যত সক্ৰিয় হিচাপে জড়িত নাছিল । পৰিয়ালৰ সদস্যসকলৰ মতে, তেওঁ ২০০৮ চনত ষ্ট্ৰোকৰ সন্মুখীন হৈছিল আৰু তেওঁৰ ক্ৰমান্বয়ে অৱনতি হোৱা স্বাস্থ্যৰ স্থিতিয়ে তেওঁক আয়ত্ত কৰা কলাটো অনুশীলন কৰাত বাধা প্ৰদান কৰি আহিছিল ৷ কিছু বছৰৰ পূৰ্বে পৰম্পৰাগত সংস্কৃতি সংৰক্ষণৰ বাবে তেওঁৰ প্ৰচেষ্টাক স্বীকৃতি দি তেওঁক সন্মানীয় সংগীত নাটক অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। যাৰ পাছতে এই বছৰ তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে । ৰিয়াঙে ১৭ বছৰ বয়সৰ পৰাই হোজাগিৰিৰ সৈতে জড়িত হৈছিল আৰু ইয়াৰ অধ্যয়ন কৰিছিল। 

লগতে পঢ়ক: ২০২৪ লৈ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ক্ষমতা বৃদ্ধিৰ লক্ষ্য়

Last Updated : Jan 27, 2021, 5:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.