ETV Bharat / bharat

তেলেংগনাত ৫ হাজাৰ কৰ'ণা ৰোগীৰ চিকিৎসা ঘৰত চলি আছেঃ ই ৰাজেন্দ্ৰ

author img

By

Published : Jun 29, 2020, 10:32 PM IST

তেলেংগনাত ৫ হাজাৰতকৈ অধিক কোভিড-১৯ ৰোগীৰ টেলিমেডিছিন সুবিধাৰ জৰিয়তে ঘৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে । সোমবাৰে স্বাস্থমন্ত্ৰী ৰাজেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য । তেওঁ জনোৱা অনুসৰি, ঘৰত থকা ৭,১০৯ গৰাকী লোকৰ কোভিড পজিটিভ পোৱা গৈছিল ।

over-5k-covid-patients-undergoing-treatment-at-home-in-telangana

নিউজ ডেস্ক, ২৯ জুন : তেলেংগনাত ৫ হাজাৰতকৈ অধিক কোভিড-১৯ ৰোগীৰ টেলিমেডিছিন সুবিধাৰ জৰিয়তে ঘৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে । সোমবাৰে স্বাস্থমন্ত্ৰী ই ৰাজেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য । তেওঁ জনোৱা অনুসৰি, ঘৰত থকা ৭,১০৯ গৰাকী লোকৰ কোভিড পজিটিভ পোৱা গৈছিল । ইয়াৰে, ১,৪৩৮ গৰাকী লোক সুস্থ হৈ উঠিছে । ৫,৬৭১ গৰাকী লোকৰ নিজ গৃহত চলি আছে চিকিৎসা । কেৱল ২৬ গৰাকী লোককহে চিকিৎসালয়ত ভৰ্তী কৰোৱা হৈছে ।

দেওবাৰে ৰাজ্যখনত ৯ হাজাৰ লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে । ইয়াৰে ৩ হাজাৰতকৈ অধিক লোকৰ চিকিৎসা চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ত চলি আছে । এই ৰোগৰ বাবে ৰাইজক আতংকিত নহ'বলৈ অনুৰোধ জনাইছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । বৰ্তমানেও চিকিৎসালয়, বেডৰ সংখ্যা কম হোৱা নাই বুলি উল্লেখ কৰে ।

ৰাজ্যখনৰ মুখ্য সচিব গৰাকীৰ লগতে মন্ত্ৰী গৰাকীয়ে এখন সংবাদ মেলত অংশগ্ৰহণ কৰি কয় যে, কিছু সংখ্যক সংবাদ মাধ্যমে ভুল তথ্য দেখুৱাই চৰকাৰক বদনাম কৰিব বিচাৰিছে । ৰাইজে যাতে তেওঁলোকৰ বাতৰিৰ জৰিয়তে আতকিত হৈ নপৰে । লগতে ৰাজ্যখনৰ চৰকাৰী চিকিৎসালয় সমূহত সকলো ধৰণৰ ব্যৱস্থা দিয়াৰ পিচত একাংশ লোকে চৰকাৰী চিকিৎসালয়ৰ বদনাম কৰিবলৈ চেষ্টা চলাইছে ।

মন্ত্ৰী গৰাকীয়ে জনোৱা অনুসৰি, স্বাস্থ্য বিভাগৰ ২৫০ গৰাকী লোকৰ পৰীক্ষণ কৰা হৈছে । তাৰ ভিতৰত এগৰাকী লোকৰ মৃত্যু হৈছে । লগতে ব্যক্তিগত চিকিৎসালয়ৰ ৩৭ গৰাকী লোকৰ পজিটিভ পোৱা গৈছে । লগতে ১৮৪ গৰাকী আৰক্ষী এই ৰোগত আক্ৰান্ত হৈছে । লগতে ৰাজ্যখনৰ ১০০ গৰাকী সাংবাদিক এই ৰোগত আক্ৰান্ত হৈছে । লগতে বৰ্তমানলৈ ৰাজ্যখনত ২৪৭ গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে ।

আনহাতে, দেওবাৰে আক্ৰান্ত হোৱা ১৪,৪১৯ গৰাকী লোকৰ ভিতৰত ১০,৬৬৬ জন হায়দৰাবাদ চহৰৰ । যাৰবাবে ৰাইজক আতংকিত নহবলৈ অনুৰোধ জনাইছে আৰু প্ৰয়োজন হলে ১০৪ সেৱাৰ সহায় ল'বলৈ পৰামৰ্শ দিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.