ETV Bharat / bharat

মানালিত প্ৰৱল তুষাৰপাতৰ ফলত আৱদ্ধ 500ৰো অধিক পৰ্যটক - কুল্লু

হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ মানালিত প্ৰচণ্ড তুষাৰপাতৰ ফলত আৱদ্ধ 500ৰো অধিক পৰ্যটক ৷ অটল সুৰংগৰ দক্ষিণ প্ৰান্ত আৰু চোলাং নাল্লাৰ মাজত প্ৰচণ্ড তুষাৰপাত ৷ সম্প্ৰতি আৱদ্ধ লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত ৷

tourists stranded in Manali due to snowfall
মানালিত প্ৰৱল তুষাৰপাতৰ বাবে পৰ্যটক আৱদ্ধ
author img

By

Published : Jan 3, 2021, 7:47 AM IST

নেশ্যনেল ডেস্ক,3 জানুৱাৰী : হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ মানালিত অটল সুৰংগৰ দক্ষিণ অংশ আৰু চোলাং নাল্লাৰ মাজত হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত 500ৰো অধিক পৰ্যটক আৱদ্ধ হৈ আছে ৷ সম্প্ৰতি পৰ্যটকসকলৰ উদ্ধাৰ অভিযান অব্যাহত থকা বুলি জানিব পৰা গৈছে ৷

মানালিৰ মহকুমা দণ্ডাধীশ ৰমণ ঘাৰাংগীয়ে জনোৱা মতে, যান-জঁটৰ পৰিমাণ হ্ৰাস কৰা আৰু আৱদ্ধ লোকসকলৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে ৷ শনিবাৰে নিশা 8 বজাত উদ্ধাৰকাৰী দল ধুন্দীত উপস্থিত হয় ৷ টেক্সী আৰু 48 টা চীটযুক্ত এখন বাছ কুলাঙলৈ স্থানান্তৰিত কৰা হয় ৷ বৰ্তমানো উদ্ধাৰ অভিযান চলি থকা বুলি উপ সংমণ্ডল বিষয়া গৰাকীয়ে সদৰি কৰে ৷

ইফালে মঙলবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰচণ্ড তুষাৰপাতৰ বাবে হিমাচল প্ৰদেশত হালধীয়া সংকেত জাৰি কৰিছে ৷ বিভাগটোৱে 5 জানুৱাৰীত মধ্য আৰু উচ্চ পাহাৰত হোৱা প্ৰৱল তুষাৰপাতৰ বাবে হালধীয়া বতৰৰ সতৰ্কবাণী জাৰি কৰাৰ বিপৰীতে 3ৰ পৰা 5 জানুৱাৰীলৈ সমভূমি আৰু নিম্ন পাহাৰত বজ্ৰপাত আৰু ঢেৰেকণিৰ সতৰ্কতা জাৰি কৰে ।

লগতে পঢ়ক : কেন্দ্ৰই প্ৰতিবাদী কৃষকৰ ভাষা বুজি নাপায় : প্ৰিয়ংকা গান্ধী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.