ETV Bharat / bharat

দেশত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ ৰোগীৰ হাৰ ৫৩.৭৯ শতাংশলৈ বৃদ্ধি

author img

By

Published : Jun 19, 2020, 7:27 PM IST

ভাৰতত কৰ'ণা ভাইৰাছ পজিটিভ লাভ কৰা ৩,৮২,২৮১ গৰাকী ৰোগীৰ ভিতৰত ২,০৫,৭৪৪ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। আনহাতে,চিকিৎসাধীন অৱস্থাত আছে ১,৬৩,৮৭৪ গৰাকী লোক।

COVID-19
Over 2 lakh persons cured of COVID-19, recovery rate improves to 53.79 pc: Health Ministry

নিউজ ডেস্ক, ১৯ জুনঃ বিগত ২৪ ঘণ্টাত দেশত ১০,৩৮৬ গৰাকী ৰোগীয়ে কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰিছে। সম্প্ৰতি দেশজুৰি এই মহামাৰীৰ পৰা উপশম লাভ কৰা ৰোগীৰ সংখ্যা ২,০৫,৭৪৪ লৈ বৃদ্ধি পাইছে। ইয়াৰ লগে লগে শুকুৰবাৰে ৫৩.৭৯ শতাংশলৈ বৃদ্ধি হৈছে কৰ'ণা ভাইৰাছৰ পৰা উপশম লাভ কৰা ৰোগীৰ হাৰ।

দেশত কোভিড-১৯ ৰ পৰা আৰোগ্য লাভ ৰোগীৰ হাৰ ৫৩.৭৯ শতাংশলৈ বৃদ্ধি

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰে এই হাৰ আছিল ৫২.৯৬ শতাংশ। উল্লেখ্য যে, সম্প্ৰতি কোভিড-১৯ ত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা ৰোগীতকৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা অধিক।

এইপৰ্যন্ত ভাৰতৰ কৰ'ণা ভাইৰাছ পজিটিভ লাভ কৰা ৩,৮২,২৮১ গৰাকী ৰোগীৰ ভিতৰত ২,০৫,৭৪৪ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। আনহাতে, ১,৬৩,৮৭৪ গৰাকী লোকে চিকিত্সাধীন অৱস্থাত থকাৰ বিপৰীতে এই মহামাৰীত মৃত্যুমুখত পৰিছে ১২,৬১৫ গৰাকী লোকে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বৰ্তমান দেশত ৯৬০ টা পৰীক্ষাগাৰত কোভিড-১৯ৰ পৰীক্ষা কৰি থকা হৈছে। বিগত ২৪ ঘণ্টাত ১,৭৬,৯৫৯ গৰাকী লোকৰ কৰ'ণা ভাইৰাছ পৰীক্ষা কৰা হৈছে। বৰ্তমানলৈকে ৬৪,২৬,৬২৭ গৰাকী লোকৰ কোভিড-১৯ৰ নমুমা পৰীক্ষা কৰা হৈছে বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰে।

লগতে চাওকঃ যোৰহাটত ক'ৰণাৰে যুঁজ দিয়া কৰ্মচাৰীৰ SWAB সংগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.