ETV Bharat / bharat

বিজেপিৰ পলিচি মোক ভোট দিয়া,মই ভেকচিন দিমঃ সঞ্জয় ৰাউতৰ প্ৰতিক্ৰিয়া

author img

By

Published : Oct 23, 2020, 1:47 PM IST

বিজেপি চৰকাৰক কটাক্ষ শিৱ সেনাৰ নেতা সঞ্জয় ৰাউতৰ ৷ বিজেপিয়ে ভোটৰ বাবে দেশক ভাগ ভাগ কৰিব বিচাৰিছে বুলি মন্তব্য নেতা গৰাকীৰ ৷

Only those who vote for BJP to get COVID vaccine shows it's discriminatory nature
বিজেপিৰ প্ৰতিশ্ৰুতি মোক ভোট দিয়া,মই ভেকচিন দিমঃ সঞ্জয় ৰাউতৰ প্ৰতিক্ৰিয়া

নিউজ ডেস্ক, 23 অক্টোবৰ : শেহতীয়াকৈ বিজেপিয়ে বিহাৰৰ নাগৰিক সকলক বিনামূলীয়াকৈ ক'ভিড-19 ৰ ভেকচিন প্ৰদান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱ সেনাৰ নেতা সঞ্জয় ৰাউতে ৷ তেওঁ চৰকাৰক কটাক্ষ কৰি কয় যে, চৰকাৰে ভোট বেংকৰ বাবে অকল বিহাৰত ক'ভিড-19 ৰ ভেকচিন প্ৰদান কৰাটো গ্ৰহণযোগ্য নহয় কিয়নো ক'ভিড-19 অকল বিহাৰত নহয় সমগ্ৰ দেশত হৈছে তেনেক্ষেত্ৰত অকল বিহাৰৰ লোকৰ বাবে বিনামূলীয়া ভেকচিন প্ৰদান কৰাটো উচিত নহয় ৷

তেওঁ আকৌ কয় যে, নেতাজী সুভাষ চন্দ্ৰ বসুই দেশৰ স্বাৰ্থত এসময়ত কৈছিল যে, মোক অকণমান তেজ দিয়া , মই তোমাক স্বাধীনতা দিম' কিন্তু শেহতীয়াকৈ বিজেপিয়ে 'তুমি মোক ভোট দিয়া, মই তোমাক ভেকচিন দিম' বুলি চৰকাৰক কটাক্ষ কৰে নেতা গৰাকীয়ে ৷

লগতে পঢ়ক : বিহাৰ নিৰ্বাচন: তিনিখনকৈ নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী মোডী

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এই সিদ্ধান্তক নেতা গৰাকীয়ে ভাৰতবৰ্ষক ভাগ-ভাগ কৰিব বিচাৰিছে বুলি উল্লেখ কৰে ৷ প্ৰথম অৱস্থাত নেতা গৰাকীয়ে বিজেপিয়ে জাতি,ধৰ্মৰ ভিত্তিত দেশক ভাগ ভাগ কৰিব বিচৰাৰ পিচত বৰ্তমান ৰোগৰ ক্ষেত্ৰতও ৰাজনীতি কৰিব বিচাৰিছে বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে বিজেপিয়ে উল্লেখ কৰিছিল যে, ICMR ত পৰীক্ষণ অৱস্থাত থকা ভেকচিন অনুমোদন লাভ কৰাৰ পিচতে বিহাৰৰ প্ৰতিগৰাকী নাগৰিকক বিনামূলীয়াকৈ ক'ভিড-19 ৰ ভেকচিন প্ৰদান কৰা হ'ব ৷

জানিবলগীয়া যে, দেশত তিনিটা ভেকচিন উন্নত পৰ্যায়ত আছে ৷ ইয়াৰে দুটা পৰ্যায় 2 ত আছে আৰু আনটো পৰ্যায় 3 ত আছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বিহাৰৰ বিধানসভা নিৰ্বাচন 28 অক্টোবৰ, 3 আৰু 7 নৱেম্বৰত অনুষ্ঠিত হ'ব আৰু 10 নৱেম্বৰত ভোট গণনা কৰা হ'ব ।

লগতে পঢ়ক : নৱপত্ৰিকা অনুষ্ঠানেৰে আৰম্ভ মহিষমৰ্দিনীৰ সপ্তমী পূজা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.